...

বিজেপি চৰকাৰক চাহ শ্ৰমিকৰ ‘গাদ্দাৰ’ আখ্যা আটছাৰ

বিজেপি চৰকাৰক চাহ শ্ৰমিকৰ ‘গাদ্দাৰ’ আখ্যা আটছাৰ

চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত উত্তাল ডিব্ৰুগড়

চাইন অন ডেস্ক,১৮ নৱেম্বৰ:

জনজাতিকৰণকে ধৰি চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া ন্যায্য দাবীসমূহ পূৰণৰ দাবীত আজি উত্তাল হৈ পৰে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদ। অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা ডিব্ৰুগড়, বৰবৰুৱা, লাহোৱাল, মৰাণ, ৰাজগড়, টেঙাখাত,নাহৰকটীয়া, দুলীয়াজান আৰু চাবুৱা শাখা সমিতিৰ সহযোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কেইবা শতাধিক ছাত্ৰ কৰ্মী আৰু চাহ শ্ৰমিকে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড আৰু বেনাৰ লৈ চাহ জনগোষ্ঠীলোকসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰক,জাতিৰ গাবদ্দাৰ বিজেপি চৰকাৰ হুচিয়াৰ,চাহ শ্ৰমিকৰ আৱাস গৃহৰ ভূমি পট্টা প্ৰদান কৰক,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰক,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মিছলীয়া,বিজেপি চৰকাৰ হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মূলতঃ চাহ জনগোষ্ঠীৰ লোকসকলক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা

প্ৰদান কৰা, চাহ শ্ৰমিকসকলক তেওঁলোকৰ আৱাস গৃহৰ ভূমি পট্টা প্ৰদান কৰা আৰু ১৯৪৮ চনৰ শ্ৰমিক আইন অনুসৰি চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীটোক বিজেপি চৰকাৰ কেৱল হেতালি খেলাৰ অভিযোগ উত্থাপন কৰে।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মীয়ে শাসনাধিষ্ঠিত চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মিছা প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰে সমগ্ৰ চাহ জনগোষ্ঠীয় জাতিটোক চৰম প্ৰতাৰণা তথা ‘গাদ্দাৰী’ কৰিছে। বিজেপি চৰকাৰে কেৱল ভুৱা প্ৰতিশ্ৰুতিৰে চাহ শ্ৰমিকসকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা বুলিও তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আটছা কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি লাজাৰ নন্দ, বিত্ত সম্পাদক সুনীল পাতৰ, কাৰ্যনিৰ্বাহক সদস্য ক্ৰমে ধ্ৰুৱজ্যোতি উৰাং, বিচন মুণ্ডা, বাবুল বাঘোৱাৰ, অবণ ভূমিজৰ লগতে আটছা ডিব্ৰুগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ডানেল মুণ্ডা আৰু সম্পাদক চনু উৰাং উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে।
প্ৰতিবাদৰ অন্তত সংগঠনটোৰ নেতৃত্বই জিলা আয়ুক্তৰ জৰিয়তে চৰকাৰলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। অনাগত দিনত যদিহে চৰকাৰে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমি পট্টা আৰু মজুৰি বৃদ্ধিৰ দৰে মৌলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ইয়াতকৈও ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি আটছাৰ কেন্দ্ৰীয় নেতৃত্বই চৰকাৰক সকীয়াই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *