অসম চিকিৎসা মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী অশোক সিংঘল
ৰোগ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ ৰোগ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিবলৈ চিকিৎসক আৰু জনসাধাৰণক আহ্বান
চাইন অন ডেস্ক,৩ নৱেম্বৰঃ
উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক গৌৰৱোজ্জ্বল ইতিহাস বহন কৰি অহা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰে। ৭৯টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰি ৮০ বছৰত ভৰি দিয়া প্ৰতিষ্ঠানটোৰ এই বিশেষ দিনটো উপলক্ষে মহাবিদ্যালয় চৌহদত উলহ-মালহৰ পৰিৱেশৰ সৃষ্টি হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘল। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ৰ ঐতিহাসিক গুৰুত্ব, চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক দিনবোৰতো প্ৰতিষ্ঠানটোৰ গৰিমা আৰু অধিক বৃদ্ধি কৰাৰ বাবে সকলোৱে
ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত মন্ত্ৰী অশোক সিংঘলে কয় যে অসম চিকিৎসা মহাবিদ্যালয় কেৱল অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়েই নহয়, বৰং স্বাধীন ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। সেয়েহে এই প্ৰতিষ্ঠানটোৰ সৈতে সমগ্ৰ দেশৰ লগতে অসমৰ এক বিশেষ গৌৰৱ জড়িত হৈ আছে। এই ঐতিহাসিক পৰিচয় আৰু মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে প্ৰতিষ্ঠানটোক অধিক আগুৱাই নিয়াৰ দায়িত্ব সকলোৰে আছে বুলিও উল্লেখ কৰে। মন্ত্ৰী সিংঘলে লগতে কয় যে স্বাধীন ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাপে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেৱল অসমৰ প্ৰতিয়েই নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰতিও এক বিশেষ দায়িত্ব আছে। বিগত দিনবোৰত প্ৰতিষ্ঠানটোৱে যিদৰে নিজৰ সেৱা আগবঢ়াই আহিছে, আগন্তুক দিনবোৰতো তাতকৈ অধিক উন্নত আৰু সুন্দৰভাৱে এই যাত্ৰা অব্যাহত থাকিব৷ আনহাতে, চিকিৎসা সেৱাৰ পৰিসৰ কেৱল ঔষধ প্ৰদান আৰু অস্ত্ৰোপচাৰৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি এখন স্বাস্থ্যৱান সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰতো চিকিৎসকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি মন্ত্ৰী সিংঘলে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁৰ মতে, বৰ্তমান সময়ত উচ্চ ৰক্তচাপ, মধুমেহ আৰু অন্যান্য জীৱনশৈলীৰ সৈতে জড়িত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই পৰিস্থিতি ভৱিষ্যতে এক ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ ৰূপ ল’ব পাৰে। নিজৰ ভাষণত ডায়েলিছিছৰ সংখ্যা বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰী সিংঘলে কয় যে যোৱা বছৰ অসমত প্ৰায় তিনি লাখ ডায়েলিছিছ কৰা হৈছিল। কিন্তু এইবাৰ ডায়েলিছিছৰ সংখ্যা চাৰি লাখলৈ
বৃদ্ধি পাব পাৰে। অৰ্থাৎ পূৰ্বৰ তুলনাত প্ৰায় ৩৩ শতাংশ অধিক ডায়েলিছিছৰ প্ৰয়োজন হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই পৰিসংখ্যাই ৰাজ্যখনত বৃক্কজনিত সমস্যাৰ লগতে অন্যান্য স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ দিশটোও প্ৰতিফলিত কৰিছে বুলি তেওঁ ইংগিত দিয়ে। মন্ত্ৰী অশোক সিংঘলে আৰু কয় যে উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাটো সমাজৰ বাবে এক চিন্তনীয় বিষয়। খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ সৈতে এই ৰোগসমূহৰ গভীৰ সম্পৰ্ক আছে। এই ৰোগসমূহে পৰৱৰ্তী সময়ত আন বহু জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ৰোগত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসকৰ কাষ চপাৰ পৰিৱৰ্তে আৰম্ভণিৰে পৰাই স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা উচিত। তেওঁ চিকিৎসকসকলকো কেৱল ঔষধ, চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বিষয়ে পৰামৰ্শ দিয়াতে সীমাবদ্ধ নাথাকি সাধাৰণ লোকক স্বাস্থ্যসন্মত খাদ্যাভ্যাস, দৈনন্দিন জীৱনচৰ্যা আৰু সুস্থ জীৱনশৈলীৰ বিষয়ে সজাগ কৰিবলৈ আহ্বান জনায়। কি খাব লাগে, কি খাব নালাগে, কেনেদৰে দৈনন্দিন জীৱন পৰিচালনা কৰিব লাগে আৰু কেনেধৰণৰ খাদ্যাভ্যাসে শৰীৰ সুস্থ কৰি ৰাখিব পাৰে, সেই বিষয়ে জনসাধাৰণক সচেতন কৰাটোও চিকিৎসকসকলৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী অশোক সিংঘলৰ মতে, স্বাস্থ্যৱান হৈ থকাটো কেৱল চিকিৎসকৰ দায়িত্ব নহয়, ই প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ দায়িত্ব। সাধাৰণতে মানুহে অসুস্থ হোৱাৰ পিছতহে চিকিৎসকৰ ওচৰলৈ যায়। কিন্তু অসুস্থ নহ’বলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে, সেই বিষয়েও সমাজত এক সুস্থ চিন্তাধাৰা গঢ়ি তোলাৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত
চিকিৎসকসকলে জনসাধাৰণক সঠিক পৰামৰ্শ দিয়াৰ লগতে নিজেও স্বাস্থ্য সচেতনতা বৃদ্ধিৰ বাবে আগবাঢ়ি আহিব লাগিব বুলি তেওঁ আহ্বান জনায়। ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ মোবাইল আৰু সামাজিক মাধ্যমকেন্দ্ৰিক জীৱনশৈলীৰ ওপৰতো কটাক্ষ কৰে। তেওঁ কয় যে এতিয়া প্ৰায় সকলোৰে হাততে মোবাইল ফোন আছে। মানুহে ঘণ্টাৰ পিছত ঘণ্টা ৰীল চাই সময় অতিবাহিত কৰে। কিন্তু সেই সময়খিনিৰ কিছু অংশ নিজৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ আৰু সুস্থ জীৱনশৈলী গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰা উচিত। ৰীল চোৱাৰ পৰিৱৰ্তে কি খাদ্য গ্ৰহণ কৰিলে শৰীৰৰ বাবে উপকাৰী হ’ব, কেনেদৰে দৈনন্দিন জীৱনচৰ্যা পৰিচালনা কৰিব লাগে, সেই বিষয়ে জানিবলৈও মানুহে সময় উলিয়াব লাগে বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ লগতে বৰ্তমান সময়ত শিশুৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মৰ মাজতো খেলাধুলাৰ প্ৰতি আগ্ৰহ হ্ৰাস পাই মোবাইল ফোনত খেল খেলাৰ প্ৰৱণতা বৃদ্ধি পোৱা বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে শাৰীৰিক পৰিশ্ৰমৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সকলোকে পথাৰলৈ ওলাই গৈ খেলাধুলা কৰিবলৈ, নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ, জিমলৈ যাবলৈ আৰু যোগাভ্যাস কৰিবলৈ আহ্বান জনায়। অন্যথা যি হাৰত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, সেয়া এখন সুস্থ সমাজৰ বাবে কোনো কাৰণতে শুভ লক্ষণ নহয় বুলি তেওঁ মন্তব্য কৰে। ইফালে, অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ প্ৰসংগত মন্ত্ৰী অশোক সিংঘলে কয় যে বৰ্তমান অসমত ধনৰ অভাৱ নাই, কিন্তু কেতিয়াবা মনৰ অভাৱ দেখা যায়। কোনো কাম সফলভাৱে সম্পন্ন কৰিবলৈ ধনৰ লগতে সদিচ্ছা, দৃঢ় সংকল্প আৰু আন্তৰিক প্ৰচেষ্টাৰো প্ৰয়োজন। অসম চিকিৎসা মহাবিদ্যালয়ৰ ক্ষেত্ৰত ধনৰ অভাৱ হ’বলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলোৱে যদি দৃঢ় সংকল্পৰে আগবাঢ়ি আহে, তেন্তে ধন আৰু মনৰ সমন্বয়ত উন্নয়নৰ কাম অধিক সুন্দৰভাৱে আগবাঢ়িব। উল্লেখ্য যে, প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে মহাবিদ্যালয়খনৰ জন বেৰী হোৱাইট প্ৰেক্ষাগৃহত এখন মুকলি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকে বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। ইয়াৰ উপৰি বিশিষ্ট অতিথিসকলৰ ভাষণ, বাৰ্ষিক মুখপাত্ৰ AMCOL উন্মোচন আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক তৰংগ গগৈ আৰু চক্ৰধৰ গগৈৰ লগতে AMCHৰ অধ্যক্ষ ড০ সঞ্জীৱ কাকতি, উপাধ্যক্ষ ড০ ৰীমা নাথ, অধীক্ষক ড০ ধ্ৰুৱজ্যোতি ভূঞা আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।