...

ডিব্ৰুগড়ৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ সম্পন্ন

ডিব্ৰুগড়ৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ সম্পন্ন

চাইন অন ডেস্ক,৩ নৱেম্বৰ:

যোৱা ৩১ অক্টোবৰ, ১ আৰু ২ নৱেম্বৰ তাৰিখে তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় ডিব্ৰুগড়ৰ সত্ৰীয়া সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী অনুষ্ঠান । ৰূপালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰথম দুটা দিনত সদৌ অসম ভিত্তিত আয়োজন কৰা হয় বৰগীত, সত্ৰীয়া নৃত্য আৰু খোলবাদন প্ৰতিযোগিতা । প্ৰথম দিনাৰ পুৱা পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পাছতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্জলন কৰে বিশিষ্ট সত্ৰীয়া সাধক, যোৰহাটৰ নৰেন্দ্ৰ বৰগায়নে । সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰি যোৱা প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়ন, কেশৱানন্দ দেৱগোস্বামী, যতীন্দ্ৰ নাথ শৰ্মা, ৰামেশ্বৰ বৰবায়ন আৰু ৰঘূনাথ পাঠকৰ প্ৰতিচ্ছবিৰ সমুখতো এগছিকৈ বন্তি প্ৰজ্জলন কৰা হ’য় । সত্ৰীয়া সংগীত বিদ্যালয়ৰ কেইবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা এটি বৰগীতেৰে প্ৰতিযোগিতাৰ মঞ্চ উদ্ধোধন কৰা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ-শতাধিক প্ৰতিযোগীয়ে বৰগীত, সত্ৰীয়া নৃত্য আৰু খোলবাদন প্ৰতিযোগিতাত অংশগ্ৰহন কৰি প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলে । বিজয়ী প্ৰতিযোগীসকল হ’ল ক্ৰমে বৰগীতৰ “ক” শাখাত হীৰক জ্যোতি দত্ত (প্ৰথম), প্ৰজ্ঞা চেতিয়া (দ্বিতীয়) আৰু ভাৰ্গৱী বৰা (তৃতীয়) । “খ” শাখাত প্ৰীতম দত্ত (প্ৰথম), জাহ্নৱী ফুকন (দ্বিতীয়) আৰু প্ৰত্যাশী প্ৰিয়ম কাশ্যপ (তৃতীয়) । সত্ৰীয়া নৃত্যৰ “ক” শাখাত তৃষা নাথ (প্ৰথম), য়েষ্ণা বৰা (দ্বিতীয়) আৰু শুভাংগী ৰাজখোৱা (তৃতীয়) । “খ” শাখাত জনাৰ্দন হাজৰিকা (প্ৰথম), অভিকা গগৈ (দ্বিতীয়) আৰু আইচেং গগৈ(তৃতীয়) । খোলবাদনৰ “ক” শাখাত হীৰকজ্যোতি দত্ত (প্ৰথম), (দ্বিতীয়) অংগৰিকা বৰা আৰু কৌশিক শৰ্মা (তৃতীয়) । “খ” শাখাত হৃষীকেশ তামুলী (প্ৰথম), লিপিকা শইকীয়া (দ্বিতীয়) আৰু কাৰ্ত্তিক দাস (তৃতীয়) । বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ ধনেৰে পুৰস্কিত কৰা হয় । বিচাৰক সকল আছিল ক্ৰমে হৰিপ্ৰসাদ শইকীয়া, নৰেন্দ্ৰ বৰগায়ন আৰু পৰমানন্দ কাকতি ।
অন্তিম দিনা সন্ধিয়া ৫ বজাৰ পৰা আয়োজন কৰা হয় সত্ৰীয়া সংস্কৃতিৰ আন এগৰাকী বিশিষ্ট সাধক, প্ৰয়াত ৰঘূনাথ পাঠক সোঁ‌ৱৰণী সাংস্কৃতিক সন্ধিয়া । সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰাক্তন প্ৰাধ্যাপক ড° গোপাল চন্দ্ৰ হাজৰিকাদেৱে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে শ-শ বছৰ আগেয়ে আগবঢ়াই যোৱা আপুৰুগীয়া সম্পদসমূহে আজিও আমাৰ জাতিটোক সমৃদ্ধ কৰি ৰাখিছে বুলি মন্তব্য কৰি হাজৰিকাদেৱে কয়, “আমি শিপা হেৰুৱালে নহ’ব ।” ৰূপালী জয়ন্তী সমাৰোহত প্ৰাক্তন তথা বৰ্তমানৰ শিকাৰুসকলে প্ৰণালীৱদ্ধভাৱে পৰিৱেশন কৰা বিভিন্ন অনুষ্ঠানসমূহে সত্ৰীয়া সংগীত বিদ্যালয়ৰ বিগত ২৫ টা গৌৰৱোজ্জল বৰ্ষৰ চানেকি দাঙি ধৰাত সফল হৈছে বুলিও ড° হাজৰিকাদেৱে মতপ্ৰকাশ কৰে । মঞ্চ উদ্ধোধন স্থলীত উপস্থিত থাকি বিশিষ্ট সমাজ সেৱক জ্যোতি প্ৰসাদ কানৈদেৱে মহাপুৰুষ দুজনাৰ সৃষ্ট গীত-মাত-ভাওনাই তেওঁ‌ক অতিকে আকৃষ্ট কৰে বুলি মন্তব্য কৰে । অনুষ্ঠানটিৰ আঁ‌ত ধৰে মানিক চন্দ্ৰ বৰাই ।
মঞ্চ উদ্ধোধনৰ পাছতেই যশস্বী শিল্পী তথা সত্ৰীয়া সংগীত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অৰুণ হাজৰিকাই পৰিৱেশন কৰা বৰগীত, প্ৰয়াত ৰঘূনাথ পাঠকৰ জীয়ৰী যোৰহাটৰ মঞ্জুশ্ৰী পাঠকে পৰিৱেশন কৰা সত্ৰীয়া নৃত্য (শুদ্ধ চালি নাচ), স্বপ্নালী চূতীয়াৰ পৰিচালনাত দুলীয়াজানৰ সত্ৰীয়া শিল্পী সকলে পৰিৱেশন কৰা অমৃত মন্থন, ক্ষীৰেশ্বৰ হাজৰিকাৰ পৰিচালনাত সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা গায়ন-বায়ন, আন্মনা শৰ্মা হাজৰিকা পৰিচালিত ঝুমুৰা আৰু ভোৰতাল নৃত্যই উপস্থিত শোতা-দৰ্শকক কেইবা ঘন্টা জুৰি মোহাবিষ্ট কৰি ৰাখে। ৰূপালী জয়ন্তী অনুষ্ঠানৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ন কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জীৱন জ্যোতি দুৱৰা আৰু উপেন দাসে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছে বুলি প্ৰচাৰ সম্পাদক ভূৱন জ্যোতি বৰুৱাই জানিবলৈ দিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *