...

ভাৰত দত্ত সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ:চিচিডিৰ জয়

ভাৰত দত্ত সোঁৱৰণী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ:চিচিডিৰ জয়

চাইন অন ডেস্ক,২ নৱেম্বৰ:

ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত দত্ত সোঁৱৰণী ১৪ বছৰৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতা। লীগ পদ্ধতিৰে অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাখনৰ আজি উদ্বোধনী খেলখনত ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড় ( চিচিডি ) দলে শিৱসাগৰৰ গ্ৰিফণ ক্ৰিকেট একাডেমীৰ দলক ২৪ ৰাণত পৰাস্ত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে। আজি পুৱা গ্ৰিফন দলে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। নিৰ্ধাৰিত ৩০ অভাৰত চিচিডি দলে ২৪.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৩৪ ৰান কৰে। দলৰ হৈ অপেনাৰ আতিক্ষ নাগে সৰ্বাধিক ৩১ ৰান কৰে। গ্ৰিফন দলৰ ঈশ্ফাকুল হ’ক আৰু ষ্টিফেন সাগৰে গাইপতি ৩ টাকৈ উইকেট লাভ কৰে। প্ৰত্যুত্তৰত শিৱসাগৰ গ্ৰিফন দলে বেট কৰিবলৈ আহি ২১.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১০ ৰানহে কৰিবলৈ সক্ষম হয়। দলৰ হৈ অভিৰাজ গগৈয়ে ৩৩ ৰান কৰে। চিচিডিৰ জ্যোতিষ্মান গগৈয়ে ৫ টা আৰু বিধান মিৰ্ধাই ৩ টা উইকেট লাভ কৰে। ইফালে, আজি পুৱা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ ধ্ৰুবজ্যোতি ভূঞাই। উদ্ধোধনী অনুষ্ঠানত ট্ৰফীৰ দাতা পৰিয়ালৰ হৈ জেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক অঞ্জন কুমাৰ বৰুৱা, ক্ৰিকেট বিভাগটোৰ সম্পাদক আব্দুল ৰহমান আৰু প্ৰতিযোগিতাখনৰ চিলেক্টৰ চাওঁ চাওমিন চাওখাওঁ বৰুৱা উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *