‘আপকু’ ডিব্ৰুগড় জিলা সমিতিৰ দুটাকৈ প্ৰতিষ্ঠিত বঁটা ঘোষণা
জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰা আৰু ৰাজদ্বীপ বাইলুং বৰুৱালৈ ৰাজ্যিক সাংবাদিকতা বঁটা
চাইন অন ডেস্ক,১নৱেম্বৰ:

*মনজিৎ বৰালৈ ‘বুলন কুমাৰ শইকীয়া সোঁৱৰণী বঁটা’:*
‘আপকু’ ডিব্ৰুগড় জিলা সমিতিৰ দ্বাৰা প্ৰদত্ত প্ৰতিষ্ঠিত সাংবাদিক “বুলন কুমাৰ শইকীয়া সোঁৱৰণী ৰাজ্যিক সাংবাদিকতা বঁটা’ৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় দৈনিক কাকত ‘অসম আদিত্য’ৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰা। সংবাদ ক্ষেত্ৰখনত তেখেতৰ নিৰলস সাধনা আৰু বলিষ্ঠ নেতৃত্বৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে।

ইফালে, জিলা সমিতিৰ আন এটি গুৰুত্বপূৰ্ণ বঁটা— “সাংবাদিক বিপুল ভাগৱতী সোঁৱৰণী ৰাজ্যিক সাংবাদিকতা বঁটা’ৰ বাবে নিৰ্বাচিত হৈছে জনপ্ৰিয় নিউজ চেনেল ‘ND24’-ৰ মুখ্য সম্পাদক তথা প্ৰতিভাশালী যুৱ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱা। দৃশ্যমান মাধ্যমত সাংবাদিকতাৰ জৰিয়তে তেখেতে আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।
অহা ২৭ ডিচেম্বৰত ঐতিহ্যমণ্ডিত নাহৰকটীয়াত অনুষ্ঠিত হ’বলগীয়া ‘আপকু’ৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত এক বৰ্ণাঢ্য অনুষ্ঠানৰ জৰিয়তে এই দুয়োগৰাকী বিশিষ্ট সাংবাদিকক আনুষ্ঠানিকভাৱে এই সন্মানীয় বঁটাসমূহ প্ৰদান কৰা হ’ব। “আপকু”ৰ ডিব্ৰুগড় জিলা সমিতিয়ে ঘোষণা কৰা এই বঁটাক লৈ সমগ্ৰ ৰাজ্যৰ সংবাদ মহলত আনন্দৰ জোৱাৰ উঠিছে আৰু বিভিন্ন দল-সংগঠনৰ লগতে শুভাকাঙ্খীসকলে তেখেতসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।