...

চাৰিদুৱাৰত অসুস্থ বন্যহস্তীৰ মৃত্যু

চাৰিদুৱাৰত অসুস্থ বন্যহস্তীৰ মৃত্যু

ভৰিৰ সংক্ৰমণৰ বাবে অসুস্থ হৈ আছিল

বালিপৰা,১নৱেম্বৰ:

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত প্ৰায় এমাহ সময় অসুস্থ হৈ থকা তথা চিকিৎসাধীন বন্যহস্তীটোৰ আজি মৃত্যু ঘটে । জানিব পৰা মতে, যোৱা অক্টোবৰ মাহত ভৰিৰ সংক্ৰমণৰ বাবে অসুস্থ হৈ এটা বন্যহস্তীয়ে চাৰিদুৱাৰৰ চেঙেলীমাৰী সংৰক্ষিত বনাঞ্চলত আশ্ৰয় লৈছিল । অসুস্থ হাতীটোৰ খবৰ লাভ কৰাৰ লগে লগে বনবিভাগে তৎপৰতাৰে চিকিৎসকৰ যোগেদি হাতীটোৰ চিকিৎসাৰ ব্যৱস্থাও কৰি আহিছিল যদিও ক্ৰমান্বয়ে অসুস্থ হৈ পৰে হাতীটো । অৱশেষত আজি পুৱা উক্ত অসুস্থ বন্যহস্তীটোৱে মৃত্যুক সাৱটি লয় । বন্যহস্তীটোৰ মৃত্যুত অঞ্চলজুৰি বন্যপ্ৰেমী ৰাইজে শোক প্ৰকাশ কৰাৰ লগতে হাতীটোৰ সন্মুখত চাকি, ধূপ,মালা, গামোছা প্ৰদান কৰি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *