পাটাছাৰকুছিত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ
ভাৰতীয় পৰম্পৰাগত শিক্ষাৰ বিশেষ আলোচনা
পাটাছাৰকুছি,৩১অক্টোবৰঃ
নতুন দিল্লীৰ ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদৰ (ICSSR) পৃষ্ঠপোষকতাত আৰু পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ মহাবিদ্যালয়খনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত “ভাৰতীয় জ্ঞান পৰম্পৰাঃ প্ৰাচীন প্ৰজ্ঞাৰ সৈতে আধুনিক উদ্ভাৱনৰ সমন্বয়” (Indian Knowledge Systemঃ integrating Ancient Wisdom with Modern Innovation) শীৰ্ষক বিষয়ক এখন দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ আৰম্ভ হয় ৷ দুদিনীয়া এই ৰাষ্ট্ৰীয় শৈক্ষিক অনুষ্ঠানত
বিভিন্ন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ বিশিষ্ট পণ্ডিত আৰু শিক্ষাবিদে অংশগ্ৰহণ কৰিছে । উত্তৰ প্ৰদেশৰ বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক প্ৰেম নাৰায়ণ সিং আৰু বিহাৰৰ নৱ নালন্দা মহাবিহাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাণা পুৰুষোত্তমে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে আলোচনা-চক্ৰখনত অংশগ্ৰহণ কৰে ৷ এই আলোচনা চক্ৰ কালি ৰাতিপুৱা উদ্বোন কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ধনপতি ডেকাই৷অধ্যাপক ডেকাই দিয়া উদ্বোধনী ভাষণত ভাৰতীয় শিক্ষা প্ৰণালীৰ বৌদ্ধিক সংস্কৃতি, বিজ্ঞান, আধুনিক সমাজ ব্যৱস্থা, পৰম্পৰাগত শিক্ষাব্যৱস্থা, সামাজিক ধৰ্মৰ গুৰুত্ব, প্ৰাকৃতিক জীৱন শৈলীৰ লগতে ভাৰতীয় দৰ্শনৰ বিষয়ে আলোচনা আগবঢ়ায়৷ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত যোগৰ জড়িয়তে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বিষয়েও কয়৷ মহাবিদ্যালয় খনৰ অধ্যক্ষ। ডঃ কৌশিক কুমাৰ ডেকাই আদৰনি ভাষণ দিয়া
আলোচনা-চক্ৰখনত অংশগ্ৰহণ কৰি নগাওঁস্হিত চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাদিজৰ বিভাগীয় মূৰব্বী অধ্যাপক গিজেন্দ্ৰ অধিকাৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিত ভাৰতীয় শিক্ষাব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে বুলিকয়৷ তেওঁ আৰু কয় যে ভাৰতীয় ভাষাত নিজৰ নিজৰ শিক্ষাব্যৱস্থা প্ৰয়োগ কৰি সকলো স্তৰতে ছাত্ৰছাত্ৰীক অন্তৰ্ভুক্ত কৰি দাসত্ত্বৰ মানসিকতা নোহোৱা কৰিব লাগিব৷ ভাৰতীয় ভাষাৰ প্ৰতি থকা হীনমন্যতা নোহোৱা কৰি ইয়াৰ বাবে প্ৰথমতে নিজৰ নিজৰ ভাৰতীয় ভাষাত পাঠ্যপুথিৰ ব্যৱস্থা কৰিব লাগিব বুলিও অধ্যাপক অধিকাৰীয়ে কয়৷ অধ্যাপক ৰানা পুৰুষোত্তমে বন্তি প্ৰজ্বলন কৰি আৰম্ভণি কৰা এই আলোচনা চক্ৰত মহাবিদ্যালয়খনৰ প্ৰশাসনিক সমিতিৰ সভাপতি ডঃ হোমেশ্বৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ। সঞ্চালক ডঃ দেৱহৰি তালুকদাৰ,কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ। ডেকা,বঙাইগাওঁ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ তৰণী ডেকা,পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মনিষা ভট্টাচাৰ্য আৰু নতুন দিল্লীস্হ অখিল ভাৰতীয় ইতিহাস সংকলন যোজনা সমিতিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হেমন্ত ধিং মজুমদাৰ আদিয়ে অংশ গ্ৰহণ কৰেএই আলোচনা চক্ৰত৷ আলোচনা-চক্ৰত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে পৰম্পৰাগত জ্ঞান, প্ৰজ্ঞা আৰু ব্যৱহাৰিক পদ্ধতিসমূহক আধুনিক উদ্ভাৱন আৰু জ্ঞানৰ নৱ-উদীয়মান ক্ষেত্ৰসমূহৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰা হয় ৷