দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ বি আৰ গাভাইৰ
২০২৫ চনৰ ২৩ নৱেম্বৰ তাৰিখে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিব
নতুন দিল্লী:
ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক অনুষ্ঠানত ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভায়ে ভাৰতৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰে । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ গাভাইক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় । তেওঁ দেশৰ শীৰ্ষ ন্যায়ালয়ৰ মুখ্য পদত ন্যায়াধীশ সঞ্জীৱ খান্নাৰ স্থলাভিষিক্ত হয় ।
তেওঁ হিন্দী ভাষাত শপত গ্ৰহণ কৰে । গাভাৰ কাৰ্যকাল ৬ মাহৰ হ’ব । তেওঁ ২০২৫ চনৰ ২৩ নৱেম্বৰ তাৰিখে কৰ্তব্যৰ পৰা অৱসৰ গ্ৰহণ কৰিব । ন্যায়াধীশ গাভাইৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, ন্যায়াধীশ গাভাইৰ পৰিয়ালৰ সদস্যবৃন্দ, পূৰ্বৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল উপস্থিত থাকে ।
উল্লেখ্য যে ন্যায়াধীশ গাভাই হৈছে বিহাৰ, কেৰালা আৰু চিকিমৰ পূৰ্বৰ গৱৰ্ণৰ আৰু ৰিপাব্লিকান পাৰ্টী অব ইণ্ডিয়াৰ (গাভাই গোট) জ্যেষ্ঠ নেতা প্ৰয়াত আৰ এছ গাভাইৰ পুত্ৰ । ন্যায়াধীশ বি আৰ গাভাইৰ জন্ম ১৯৬০ চনৰ ২৪ নৱেম্বৰত, অমৰাৱতীত । তেওঁ ১৯৮৫ চনৰ ১৬ মাৰ্চত বাৰ কাউন্সিলত যোগদান কৰে । তেওঁ ১৯৮৭ চনৰ পৰা ১৯৯০ চনলৈকে বম্বে উচ্চ ন্যায়ালয়ত স্বতন্ত্ৰৰীয়াভাৱে ওকালতি কৰিছিল । ১৯৯০ চনৰ পাছত তেওঁ মুখ্যতঃ বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত ওকালতি কৰিছিল ।
তেওঁ নাগপুৰ নগৰ নিগম, অমৰাৱতী নগৰ নিগম আৰু অমৰাৱতী বিশ্ববিদ্যালয়ৰ স্থায়ী অধিবক্তা আছিল । তেওঁ বিভিন্ন স্বায়ত্তশাসিত সংস্থা আৰু কৰ্প’ৰেচন যেনে SICOM, DCVL আদিৰ আৰু বিদৰ্ভ ক্ষেত্ৰৰ বিভিন্ন পৌৰসভাৰ বাবে নিয়মিতভাৱে ওকালতি কৰিছিল।
তেওঁ আগষ্ট, 1992 ৰ পৰা জুলাই, 1993 লৈকে বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠৰ সহায়ক চৰকাৰী অধিবক্তা আৰু অতিৰিক্ত চৰকাৰী অধিবক্তা হিচাপে কৰ্মৰত আছিল । তেওঁক 2000 চনৰ 17 জানুৱাৰীত নাগপুৰ বিচাৰপীঠৰ বাবে চৰকাৰী আবেদনকাৰী আৰু চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি প্ৰদান কৰা হয় । ন্যায়াধীশ গাভাইক 2003 চনৰ 14 নবেম্বৰত উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি দিয়া হয় ।
তেওঁ 2005 চনৰ 12 নৱেম্বৰত বম্বে উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদত অধিস্থিত হয় । বিগত ছবছৰত সংবিধানিক আৰু প্ৰশাসনিক আইন, অসামৰিক আইন, অপৰাধ আইন, বাণিজ্যিক বিবাদ, বৈদ্যুতিক আইন, মধ্যস্থতা আইন, শিক্ষা বিষয়, পৰিৱেশ আইনকে ধৰি বিভিন্ন বিষয়ৰ সৈতে জড়িত গোচৰসমূহত প্ৰায় ৭০০ বিচাৰপীঠৰ সৈতে জড়িত আছিল ।
ন্যায়াধীশ গাভায়ে প্ৰায় ৩০০ গোচৰৰ ৰায়দান কৰিছে । ইয়াৰ ভিতৰত বিভিন্ন বিষয়ত সংবিধানপীঠৰ ৰায়ো আছে, যিবোৰে আইনৰ শাসনক বৰ্তাই ৰখাৰ লগতে নাগৰিকৰ মৌলিক অধিকাৰ, মানৱ অধিকাৰ আৰু আইনগত অধিকাৰ সুৰক্ষিত কৰিছে । তেওঁ উলানবাটাৰ (মঙ্গোলিয়া), নিউয়ৰ্ক (মাৰ্কিন যুক্তৰাষ্ট্ৰ), কাৰ্ডিফ (ব্ৰিটেইন) আৰু নাইৰোবিত (কেনিয়া) বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনতো অংশগ্ৰহণ কৰিছিল ।