...

ডিব্ৰুগড় বিএচএনএলত গাড়ী নিবিদাক লৈ বিয়াগোম কেলেংকাৰী !

ডিব্ৰুগড় বিএচএনএলত গাড়ী নিবিদাক লৈ বিয়াগোম কেলেংকাৰী !

থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ AJYCPৰ

চাইন অন ডেস্ক,২৬অক্টোবৰ:

দেশৰ অন্যতম সৰ্বজনবিদিত দূৰসংযোগ সেৱা প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL) ৰ ডিব্ৰুগড় কাৰ্যালয়ত গাড়ীৰ নিবিদা প্ৰক্ৰিয়াক লৈ এক বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। একাংশ অনা-অসমীয়া বিষয়াৰ মুষ্টিমেয় চক্ৰই থলুৱা নিবনুৱা আৰু ঠিকাদাৰসকলক বঞ্চিত কৰি বহিৰাগত ঘনিষ্ঠ ব্যক্তিক গোপন বুজাবুজিৰে বাহন আবণ্টন দিয়াৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে।
বিজ্ঞাপন অবিহনেই গোপন নিবিদা প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ খবৰ।প্ৰাপ্ত অভিযোগ অনুসৰি, কোনো বৈধ ৰাজহুৱা বিজ্ঞাপন বা জাননী অবিহনেই মহা প্ৰবন্ধকৰ (General Manager) অনুপস্থিতিত এক অনুমোদিত নিবিদা কমিটি গঠন কৰা হয়। এই কমিটিখনে একেবাৰে গোপনে নিবিদা প্ৰক্ৰিয়া চলাই স্থানীয় তথা থলুৱা ঠিকাদাৰসকলক সম্পূৰ্ণৰূপে প্ৰতাৰিত কৰি তেওঁলোকৰ প্ৰাপ্য অধিকাৰ কাঢ়ি লোৱাৰ মুকলি অভিসন্ধি ৰচিছে। নিজৰ পছন্দৰ আৰু ঘনিষ্ঠ লোকক বিশেষ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে এই সমগ্ৰ প্ৰক্ৰিয়াটো গোপনীয়তাৰে চলোৱা বুলি চৰ্চা হৈছে।বিভাগীয় বিষয়াৰ এনে একপক্ষীয় আৰু অনিয়মপূর্ণ কাৰ্যকলাপক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)এ। সংগঠনটোৱে স্পষ্টভাৱে দাবী জনাইছে যে এই অনিয়মেৰে ভৰা সন্দেহজনক নিবিদা প্ৰক্ৰিয়াটো অবিলম্বে বাতিল কৰিব লাগিব, অথবা থলুৱা ঠিকাদাৰসকলক নিৰ্ধাৰিত নিয়ম অনুসৰি বাহন প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব।
সংগঠনটোৱে হুংকাৰ প্ৰদান কৰি কয় যে, কৰ্তৃপক্ষই যদি শীঘ্ৰেই এই অন্যায়মূলক সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেন্তে ডিব্ৰুগড়ত তীব্ৰ আন্দোলনাত্মক কাৰ্যসূচী গঢ়ি তোলা হ’ব। এই ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে BSNL কৰ্তৃপক্ষ নিজেই দায়ী থাকিব বুলিও স্পষ্ট কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *