বৰপথাৰৰ গাঁৱে ভূঞে জ্বলিল সৌৰশক্তিৰ বিজুলী বাতি
প্ৰায় ৩ লাখ টকা ব্যয়েৰে মুঠ ১২ টা সৌৰশক্তি চালিত লাইট স্থাপন
চাইন অন ডেস্ক,১৮অক্টোবৰ:

ডিব্ৰুগড় চহৰৰ উপকণ্ঠ বৰপথাৰ অঞ্চলৰ গ্ৰাম্যাঞ্চলৰ কিছু কিছু ঠাইত সৌৰশক্তি চালিত বিজুলী বাতি কিছুদিন জ্বলিছিল যদিও সেইবোৰ মেৰামতিৰ অবাবতে হওক অথবা নিম্নমানৰ হোৱাৰ বাবেই সম্প্ৰতি সেইবোৰ নজ্বলা হ’ল। ফলত গ্ৰাম্যাঞ্চলৰ ৰাইজে নিশাৰ ভাগত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছিল। বৰবৰুৱা আঞ্চলিক পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ সদস্যা ৰূপা গগৈয়ে অঞ্চলটোৰ বিভিন্ন ভিতৰুৱা ঠাইত, আঞ্চলিক পঞ্চায়তৰ ২০২৪-২৫ বৰ্ষৰ এলেকা উন্নয়ন পুঁজিৰ প্ৰায় ৩ লাখ টকা ব্যয়েৰে মুঠ ১২টা সৌৰশক্তি চালিত লাইট স্থাপন কৰে।
উল্লেখযোগ্য যে, বৰপথাৰৰ এই বৃহৎ অঞ্চলটোৰ বিভিন্ন ঠাইত আজি কিছুদিনৰ পৰা এন্ধাৰৰ সুযোগ লৈ একাংশ অসৎ প্ৰকৃতিৰ লোকে চুৰি-ডকাইটিকে আদি কৰি বিভিন্ন অসামাজিক কাৰ্য সংঘটিত কৰি আহিছিল। আঞ্চলিক পঞ্চায়তৰ সদস্যা ৰূপা গগৈৰ এই সমাজ হিতকৰ কামে ৰাইজৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট সহায়ক হৈ উঠিব বুলি ৰাইজে আশা কৰিছে।