...

ডিব্ৰুগড় বাইপাছৰ কাষত অনুজ্ঞাপত্ৰ বিহীনভাৱে ধাবাসমুহত মুকলি সুৰা

ডিব্ৰুগড়ৰ চাহ বাগিচাত অবাধে চলিছে অবৈধ চুলাই-লালী গুড়ৰ ৰমৰমীয়া বেহা

ডিব্ৰুগড় বাইপাছৰ কাষত অনুজ্ঞাপত্ৰ বিহীনভাৱে ধাবাসমুহত মুকলি সুৰা
বন্ধৰ দাবীত হুংকাৰ আটছাৰ

চাইন অন ডেস্ক,৮অক্টোবৰ:

ডিব্ৰুগড় জিলাৰ চাহ বাগান আৰু বস্তি অঞ্চলসমুহত অবৈধ লালীগুড় আৰু চুলাই মদৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো প্ৰশাসন তথা আবকাৰী বিভাগে কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাত সংগঠনটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে আটছাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰি এই অবৈধ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছিল, কিন্তু দীৰ্ঘদিন পাৰ হৈ যোৱাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই একো ব্যৱস্থা নোলোৱাত এতিয়া সচেতন ৰাইজ আৰু ছাত্ৰ সংগঠনটোৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মি, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ আৰু সম্পাদক চনু উৰাঙে এক বিবৃতিত কয় যে, স্মাৰকপত্ৰ দিয়াৰ পিছতো আবকাৰী বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অত্যন্ত ৰহস্যজনক। তেওঁলোকে অভিযোগ কৰে যে, এতিয়াও ডিব্ৰুগড় বাইপাছ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অনুজ্ঞাপত্ৰ বিহীনভাৱে কাষে কাষে থকা বিভিন্ন ধাবাসমূহত কোনো ভয়-ডৰ নোহোৱাকৈ মুকলিকৈ অবৈধ সুৰাৰ প্ৰচলন আৰু বিক্ৰী চলি আছে। এই ঘাইপথৰ ধাবাসমূহ এতিয়া অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে, যাৰ ফলত সাধাৰণ বাটৰুৱা আৰু বিশেষকৈ মহিলাসকলৰ নিৰাপত্তা বিপন্ন হৈ পৰিছে।
নেতৃবৃন্দই ক্ষোভেৰে কয় যে, “ইন্দ্ৰা ট্ৰেডিং”ৰ দৰে একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ মদ প্ৰস্তুতৰ মূল সামগ্ৰী লালী গুড়ৰ যোগান অব্যাহত ৰাখিছে আৰু ইয়াৰ বাবেই চাহ বাগিচাসমূহৰ যুৱ প্ৰজন্ম দিনক দিনে নিচাসক্ত হৈ ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। ইমান ডাঙৰ সামাজিক ব্যাধি এটা চকুৰ সন্মুখতে চলি থকাৰ পিছতো নাকত তেল দি শুই থকা ডিব্ৰুগড় জিলা আবকাৰী বিভাগৰ গা লৰা নাই।আটছাৰ ডিব্ৰুগড় জিলা সমিতিয়ে জিলা
প্ৰশাসন আৰু আৰক্ষী বিভাগক অতি শীঘ্ৰে টোপনিৰ পৰা সাৰ পাই ডিব্ৰুগড় বাইপাছ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধাবাসমূহত এক ব্যাপক যুটীয়া অভিযান চলাবলৈ দাবী জনাইছে। স্মাৰকপত্ৰৰ দাবীক অৱজ্ঞা কৰি থকা আবকাৰী বিভাগক সকীয়াই দি আটছা নেতৃবৃন্দই কয় যে, যদিহে অতি সোনকালে ধাবাসমূহৰ সুৰা প্ৰচলন আৰু লালী গুড়ৰ অবৈধ যোগান সম্পূৰ্ণৰূপে বন্ধ কৰা নহয়, তেন্তে আটছাই সমগ্ৰ ডিব্ৰুগড় জিলাজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *