মৃদুল বাগলাৰীক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ গ্ৰেপ্তাৰ
স্বাস্থ্য পৰীক্ষাৰ পিছত আজি গুৱাহাটীলৈ
পূজা-বিহু খাবলৈ ঠিকাদাৰে দিছিল ১০ হাজাৰকৈ টকা
চাইন অন ডেস্ক,৭অক্টোবৰঃ
বিল পাছ কৰাৰ নামত উৎকোচ দাবী কৰাৰ অভিযোগত ডিব্ৰুগড়ৰ লোক নিৰ্মাণ বিভাগৰ (গৃহ মণ্ডল) অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে কালি গ্ৰেপ্তাৰ কৰাৰ পিছত আজি গুৱাহাটীলৈ লৈ যোৱা হৈছে।অভিযোগ অনুসৰি, জগন্নাথ কমিউনিটি হল আৰু স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ নিৰ্মাণকাৰ্যৰ বিল পাছ কৰাৰ বিনিময়ত ঠিকাদাৰৰ পৰা ধন দাবী কৰিছিল অভিযন্তাজনে। ঘটনাৰ অভিযোগকাৰী ৰাজ শেখৰ হাজৰিকাই জানিবলৈ দিয়া মতে, লাহোৱাল সমষ্টিৰ মদাৰখাত, হেজেলবেং আৰু বকুল চাহ বাগিচাত কেইবাটাও প্ৰকল্পৰ কাম চলি আছিল। ইয়াৰে মদাৰখাত চাহ বাগিচাত ২০২৪-২৫ বৰ্ষত প্ৰায় ১ কোটি ৪৩ লাখ ২৩ হাজাৰ টকাৰ কাম সম্পন্ন হৈছিল। ৰাজ শেখৰ হাজৰিকাৰ অভিযোগ অনুসৰি, বিভিন্ন প্ৰকল্পৰ বিল পাছ কৰাৰ নামত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰথমে প্ৰায় ৬ লাখ টকা দাবী কৰা হৈছিল। সেই ধন দিবলৈ অমান্তি হোৱাত পিছত দৰ-দাম কৰি প্ৰথমে ৪ লাখ আৰু পৰৱৰ্তী সময়ত দুৰ্গাপূজাৰ পূৰ্বে ১ লাখ ৫০ হাজাৰ টকা দিবলৈ কোৱা হয়। অৱশেষত অন-ৰেকৰ্ড আলোচনাৰ
জৰিয়তে ১ লাখ ৩০ হাজাৰ টকাত ধন দিয়াৰ কথা স্থিৰ হয়। অভিযোগকাৰীগৰাকীয়ে কয় যে, পূজা-বিহুৰ সময়ত পূৰ্বেও ১০ হাজাৰ টকাকৈ দিবলগীয়া হৈছিল। কিন্তু এইবাৰ উৎকোচৰ দাবী অধিক হোৱাত তেওঁ অসম চৰকাৰৰ চি এম ভিজিলেঞ্চৰ কাষ চাপে। ভিজিলেঞ্চে অভিযোগৰ ভিত্তিত গোপনে তথ্য সংগ্ৰহ কৰাৰ লগতে ফোন কল আৰু অন্যান্য ৰেকৰ্ডিং সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰে। মঙ্গলবাৰে ১ লাখ ৩০ হাজাৰ টকাৰ প্ৰথম কিস্তি হিচাপে ৩০ হাজাৰ টকা দিবলৈ যাওঁতে চি এম ভিজিলেঞ্চৰ দলৰ সহযোগত মৃদুল বাগলাৰীক হাতে-লোটে আটক কৰা হয়। ইয়াৰ পাছতে ডিব্ৰুগড়ৰ কাৰ্যালয়ত অভিযান চলোৱা হয়। বিয়লি প্ৰায় ৩ বজাৰ
পৰা কাৰ্যালয়টোত ভিজিলেঞ্চৰ অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰা হয়৷ ওৰে নিশা কাৰ্যালয়টোত অভিযান চলোৱাৰ লগতে সোধ-পোচৰ অন্ততঃ গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত আজি পুৱা গুৱাহাটীলৈ লৈ যোৱা হয় বাগলাৰীক৷ ইফালে, বাগলাৰীৰ খনিয়াগাঁওস্থিত বাসগৃহতো কালি নিশা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে অভিযান চলোৱা হয়। অভিযানত বাসগৃহৰ পৰা ১ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। অভিযোগকাৰী ৰাজ শেখৰ হাজৰিকাই লগতে দাবী কৰে যে, উৎকোচ দাবীৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্ত কৰা উচিত। সমগ্ৰ ঘটনাক লৈ চি এম ভিজিলেঞ্চে তদন্ত অব্যাহত ৰাখিছে।