...

ড° জ্যোতিপ্ৰসাদ শইকীয়াৰ ইৰাজী অনুদিত গ্ৰন্থ  “Where Life Goes Searching For Love” উন্মোচন

ড° জ্যোতিপ্ৰসাদ শইকীয়াৰ ইৰাজী অনুদিত গ্ৰন্থ  “Where Life Goes Searching For Love” উন্মোচন

চাইন অন ডেস্ক,৭অক্টোবৰ:

ডিব্ৰুগড়: ইন্দিৰা মিৰি আলোচনা কক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰাধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াৰ ৰচিত এমুঠি কবিতা প্ৰাধ্যাপক মৃদুল বৰদলৈয়ে কৰা অনুদিত ইংৰাজী গ্ৰন্থ “Where Life Goes Searching For Love” উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই।ভাষণ প্ৰসংগত উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই গ্ৰন্থৰ প্ৰণেতা তথা উপাচাৰ্য জ্যোতিপ্ৰসাদ শইকীয়াই শৈক্ষিক দক্ষতাৰ সমান্তৰালকৈ বৰ্তাই ৰখা সাহিত্যিক ওজস্বিতাক প্ৰশংসা কৰে। বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিভাগীয় মুৰব্বী প্ৰাধ্যাপক নাছমিম ফাৰহীন আখতাৰ আদৰণি ভাষণ আগবঢ়োৱা সভাখনত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে দুয়োগৰাকী উপাচাৰ্যই। “Poetry and Translation in the age of Artificial Intelligence” বিষয়ত কবিতাৰ নৈসৰ্গিকতাৰ সমান্তৰালকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত কবি ,কবিতা, অনুবাদক আৰু পঢ়ুৱৈ সমাজৰ দায়বদ্ধতাক তাত্ত্বিক দিশেৰে বিস্তৃতভাৱে বক্তব্য আগবঢ়াই জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° সুৰজিত শৰ্মাই । উন্মোচিত গ্ৰন্থৰ প্ৰণেতা প্ৰাধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়াই সাহিত্য সৃষ্টিত ভাষাৰ বৈপৰিত্যৰ মাজতো এগৰাকী অনুবাদকে গভীৰ অন্তৰ্দৃষ্টিৰে সাহিত্যিক এজনৰ মনৰ ভাৱ আৰু ভাষাক সমৰূপতা প্রদান কৰি মূল সৃষ্টিক নিখুঁতকৈ ৰখাটো একক আৰু অনন্য প্ৰতিভা হিচাপে অভিহিত কৰি “Where Life Goes Searching For Love” গ্ৰন্থৰ অনুবাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক মৃদুল বৰদলৈৰ শলাগ লয়। ছাত্ৰী সম্ভৱী শৰ্মাই কবিতা আবৃত্তি কৰা অনুষ্ঠানটো আঁত ধৰি ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক প্ৰিয়ংকা কাকতিয়ে উপস্থিত সকলোৰে শলাগ লৈ অনুষ্ঠানৰ সামৰণি মাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *