...

কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষক সোঁৱৰণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ

কবি নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষক সোঁৱৰণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ

সাঁচিপতীয়া পুথিৰ দেশৰ ভিতৰতে সৰ্ববৃহৎ অনলাইন আৰ্কাইভ মুকলি

চাইন অন ডেস্ক,৭অক্টোবৰ:

নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষক সোঁৱৰণ কৰি কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এটি ঐতিহাসিক পদক্ষেপ আৰম্ভ কৰে। নৱকান্ত বৰুৱা জন্ম শতবাৰ্ষিকী আলোচনাচক্ৰৰ উদ্বোধনী অধিৱেশনতে বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ আপুৰুগীয়া সাঁচিপাতৰ পুথিৰ অনলাইন আৰ্কাইভটো বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই শুভ উদ্বোধন কৰি সামূহিকভাৱে ৰাইজৰ বাবে উচৰ্গা কৰে। এই অনলাইন আৰ্কাইভটিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ‘লীলা গগৈ সোঁৱৰণী পাণ্ডুলিপি সংগ্ৰহালয়’ত থকা সাঁচিপাতৰ পুথিৰ ৫৩, ২৭৫ পৃষ্ঠা আপলোড কৰা হৈছে৷ এতিয়াৰ পৰা যিকোনো লোকেই বিশ্বৰ যিকোনো প্ৰান্তত থাকি https://duasmdig.assamarchive.org বিনামূলীয়াকৈ ৫৩, ২৭৫ পৃষ্ঠাৰ আপুৰুগীয়া সাঁচিপাতৰ পুথি অধ্যয়ন কৰিব পাৰিব৷ এই আৰ্কাইভটোত অসমীয়া, টাই আৰু সংস্কৃত ভাষাত লিখা পুথি অন্তৰ্ভুক্ত হৈছে৷ লগতে প্ৰসিদ্ধ সমালোচক মহেন্দ্ৰ বৰাৰ ব্যক্তিগত গ্ৰন্থাগাৰৰ পৰা আনি বিভাগত সংৰক্ষণ কৰি থোৱা আপুৰুগীয়া গ্ৰন্থসমূহৰ ৭২, ৮৬৭ পৃষ্ঠা আপলোড কৰা হৈছে। উল্লেখযোগ্য যে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিৰ আধাৰত এই আৰ্কাইভটো প্ৰস্তুত কৰি উলিওৱা এই আৰ্কাইভটো সাজু কৰি তোলা হৈছে। দেশৰ আপুৰুগীয়া পুথিৰ অনলাইন আৰ্কাইভসমূহৰ ভিতৰত সাঁচিপাতৰ পুথিৰ এইটোৱেই সৰ্ববৃহৎ আৰ্কাইভ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত নৱকান্ত বৰুৱাৰ জন্ম শতবৰ্ষ উপলক্ষে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ভৱনত ‘নৱকান্ত বৰুৱা জন্ম শতবাৰ্ষিকী আলোচনাচক্ৰ’ নামেৰে এখনি দুদিনীয়া আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈছে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক জয়ন্ত কুমাৰ বৰাৰ আদৰণী ভাষণেৰে আলোচনাচক্ৰখনৰ শুভাৰম্ভ হয়। ইয়াৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জীতেন হাজৰিকাই আলোচনাচক্ৰখনি শুভ উদ্বোধন কৰে৷ কৃষ্ণকান্ত সন্দিকৈ অসম ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক প্ৰাণজিৎ বৰাই আলোচনা চক্ৰৰ বীজ ভাষণ প্ৰদান কৰে। নিজৰ বীজ ভাষণত নৱকান্ত বৰুৱাৰ সাহিত্য কৰ্মৰ সকলো দিশ সামৰি এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে৷ আলোচনাচক্ৰৰ প্ৰথম দিনা তিনিখন অধিৱেশন অনুষ্ঠিত হয়। প্ৰথম অধিৱেশনখনৰ শীৰ্ষক আছিল ‘যি পৰিপ্ৰেক্ষাই নৱকান্ত বৰুৱাক জন্ম দিছিল’। এই অধিৱেশনৰ অধ্যক্ষ আছিল মদন শৰ্মা আৰু ইয়াত মুনীন বায়ন আৰু দীগন্ত ওজাই ক্ৰমে ‘নৱকান্ত বৰুৱাৰ লেখক জীৱনৰ বৌদ্ধিক পৰিপ্ৰেক্ষা’ আৰু ‘নৱকান্ত বৰুৱাৰ লেখক জীৱনৰ আঁৰৰ সামাজিক-ৰাজনৈতিক পৰিপ্ৰেক্ষা’ শীৰ্ষক আলোচনা পত্ৰ পাঠ কৰে। দ্বিতীয় অধিৱেশনখনৰ অধ্যক্ষতা কৰে নীৰাজনা মহন্ত বেজবৰাই। এই অধিৱেশনত বিভাস চৌধুৰী আৰু জুৰি দত্তই ক্ৰমে ‘নৱকান্ত বৰুৱাৰ বৌদ্ধিক স্থিতি’ আৰু ‘নব্য ইতিহাসবাদৰ দৃষ্টিৰে নৱকান্ত বৰুৱা’ শীৰ্ষক আলোচনা আগবঢ়ায়। তৃতীয় অধিৱেশনখনিৰ অধ্যক্ষতা কৰে বিভাস চৌধুৰীয়ে। এই অধিৱেশনখনত অৰিন্দম বৰকটকী, দেৱভূষণ বৰা আৰু পল্লৱী ডেকা বুজৰবৰুৱাই ক্ৰমে ‘নৱকান্ত বৰুৱাৰ সাহিত্যৰ সমাজ-ৰাজনৈতিক স্থিতি’, ‘গৌতম বুদ্ধ আৰু কবি নৱকান্ত’ আৰু ‘ৰবীন্দ্ৰনাথ আৰু নৱকান্ত বৰুৱা’ শীৰ্ষক আলোচনাপত্ৰ পাঠ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *