...

উৰ্ধতম কৰ্তৃপক্ষৰো আদেশ নেমানে আই টি আইৰ অধ্যক্ষ ৰাজু গোপালে!

উৰ্ধতম কৰ্তৃপক্ষৰো আদেশ নেমানে আই টি আইৰ অধ্যক্ষ ৰাজু গোপালে!

ডিব্ৰুগড় আই টি আইৰ কাম-কাজত অচলাৱস্থা

চাইন অন ডেস্ক,৫অক্টোবৰ

বিভিন্ন ৰাজহুৱা অভিযোগ আৰু প্ৰশাসনিক কাম-কাজত বিভিন্ন আসোঁৱাহৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় আৰু লাহোৱাল আই টি আইৰ অতিৰিক্ত দ্বায়িত্বৰ পৰা তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ তিনিচুকীয়া আই টি আইৰ অধ্যক্ষ ৰাজু গোপালক বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষই আঁতৰাই দিছিল আজিৰ পৰা ডেৰ মাহৰ পূৰ্বে। পূৰ্বতে ডিব্ৰুগড় আৰু লাহোৱালৰ আই টি আইৰ অতিৰিক্ত দ্বায়িত্ব অৰ্পণ কৰিছিল তিনিচুকীয়া আই টি আইৰ অধ্যক্ষ ৰাজু গোপালক। বিভিন্ন সময়ত বিভিন্ন ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ সময়তে শেহতীয়াভাৱে উত্থাপিত হৈছিল দিল্লীস্থ এটা কোম্পানীৰ পৰা অহা প্ৰতিনিধি বুলি পৰিচয় দিয়া এজন ব্যক্তিৰ লগত হৈ স্থানীয় ত্ৰিশজন নিবনুৱা যুৱকক কাৰীকৰি প্ৰশিক্ষণ দি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছিল এইজন অধ্যক্ষৰ বিৰুদ্ধে। নেতৃস্থানীয় তথা জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে এই বিষয়ত অধ্যক্ষ ৰাজু গোপালৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্তৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছিল। এই অভিযোগৰ পৰিপ্ৰেক্ষিতত যোৱা ১২ আগষ্ট ‘২৬ তাৰিখে মেমো নং ই চি এফৰ ১২৬০১৮/৭৩৯ বি মৰ্মে অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ সচিবে তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজু গোপালক ডিব্ৰুগড় আৰু লাহোৱাল আই টি আইৰ অতিৰিক্ত দ্বায়িত্বৰ পৰা অব্যাহতি দিয়ে। কিন্তু অধ্যক্ষ ৰাজু গোপালে প্ৰশাসনিক দ্বায়িত্বহে নৱ নিযুক্ত গৰাকীক চমজাই দিয়ে, টকা-পইচাৰ দায়িত্ব নিজৰ হাততে ৰাখি থলে। দায়িত্বৰ পৰা আজৰাই দিয়াৰ আদেশ দিয়াৰ আজি ডেৰ মাহেই হ’বৰ হ’ল, কিন্তু সম্পূৰ্ণ দায়িত্ব চমজাই নিদিয়াৰ ফলত বিশেষকৈ বৰবৰুৱাস্থ ডিব্ৰুগড় আই টি আইৰ কাম-কাজত প্ৰায় অচলাৱস্থাৰ সৃষ্টি হৈছে। নিয়মিতভাৱে চলি অহা বিভিন্ন প্ৰশিক্ষণ সমূহ বন্ধ হৈ পৰিছে। বি চি পি এলৰ চি এচ আৰৰ পূঁজিৰ যোগে কৰিবলগীয়া কাম সমূহো টকা পইচাৰ লেন দেনত ব্যাঘাত হোৱাৰ বাবেই কৰিব পৰা নাই। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এই যে, অধ্যক্ষ ৰাজু গোপালে এই ডিব্ৰুগড়ৰ প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীৰ বাবে ব্যৱহৃত তিনিটাকৈ কোঠাত নিজৰ ঘৰুৱা সা সামগ্ৰী ভৰাই জব্দ কৰি থৈছে। উক্ত কোঠা তিনিটাত প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল’ব পৰা নাই। মূল কথাটোৱেই হৈছে এই যে, ৰাজু গোপালে প্ৰশাসনিক দ্বায়িত্বহে এৰি দিছে যদিও য’ত টকা পইচাৰ প্ৰসংগ য’ত জৰিত, সেই ইন্সটিটিউট মেনেজমেণ্ট কমিটিৰ সদস্য সচিব দায়িত্বটোও এৰি দিয়া নাই, যাৰ ফলত গোটেই প্ৰতিষ্ঠানটোতেই আজি ডেৰমাহ ধৰি অচলাৱস্থাৰ সৃষ্টি হৈছে। পুনৰ সাংবাদিক শৰৎচন্দ্ৰ নেওগে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অধ্যক্ষ গৰাকীয়ে সম্পূৰ্ণ দায়িত্বভাৰ চমজাই দিয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা হাতত ল’বলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *