...

নগৰবেৰা-টুপামাৰী আৰক্ষীৰ চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান:আটক দুই

নগৰবেৰা-টুপামাৰী আৰক্ষীৰ চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান:আটক দুই

নগৰবেৰা,৩অক্টোবৰ:

পুণৰ নগৰবেৰা আৰু টুপামাৰী আৰক্ষীয়ে নিশা সোণতলীত চাইবাৰ প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলায় আৰু অভিযানত দুজনকৈ সন্দেহযুক্ত চাইবাৰ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত চাইবাৰ প্ৰৱঞ্চকদ্বয় নতুন কাঠমী গাঁৱৰ গিয়াছ উদ্দিন আৰু বগৰীগুৰী গাওঁৰ আজাদ ছাইফুল।দুয়োৰে পৰা আৰক্ষীয়ে ডেবিদ কাৰ্ড, এটিএম কার্ড, পাছবুক, চেকবুক, মোবাইল,উকা চেকবুক’ পাত মোবাইল, বহু চিম কাৰ্ড বেংক সম্পৰ্কীয় নথি পত্ৰ আদি জব্দ কৰিবলৈ সক্ষম হয়। বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ তদাৰকীত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতাৰ নেতৃত্বত চলে এই অভিযান। উল্লেখ্য যে,যোৱা ১২ ছেপ্তেম্বৰৰ পৰা নগৰবেৰা আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈ ২৩ জনকৈ লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে।
@প্ৰেৰক-সঞ্জীৱ কুমাৰ দাস/নগৰবেৰা/২ অক্টোবৰ

Leave a Reply

Your email address will not be published. Required fields are marked *