...

সেৱা সংকল্প অভিযান স্বাস্থ্য সেৱাৰে জনসেৱাৰ নতুন সংকল্প

সেৱা সংকল্প অভিযান স্বাস্থ্য সেৱাৰে জনসেৱাৰ নতুন সংকল্প

ডিব্ৰুগড়ত ৫ ৰ পৰা ১২ অক্টোবৰলৈ বৃহৎ স্বাস্থ্য আৰু কল্যাণ শিবিৰ

চাইন অন ডেস্ক,৪অক্টোবৰ:

সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত অহা ৫ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ খণ্ড আৰু পৌৰসভা পৰ্যায়ত বৃহৎ পৰিসৰত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। চৰকাৰী সেৱা আৰু কল্যাণকামী আঁচনিসমূহ জনসাধাৰণৰ দুৱাৰডলিলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে অনুষ্ঠিত এই অভিযানৰ অংশ হিচাপে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে সুস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰ আৰু জিলাৰ অন্তিম প্ৰান্তৰ লোকলৈকে গুণগত স্বাস্থ্য সেৱা সহজলভ্য কৰাৰ লক্ষ্যৰে এই শিবিৰসমূহৰ আয়োজন কৰিছে।

এই শিবিৰসমূহত ৰাইজে সম্পূৰ্ণ বিনামূলীয়াকৈ বহুমুখী সুবিধা লাভ কৰিব। শিবিৰলৈ অহা লোকসকলে নিজ অঞ্চলতে একে ঠাইতে মেডিচিন, নাক-কাণ-ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসাৰ বিশেষজ্ঞৰ লগতে এমবিবিএছ আৰু আয়ুষ চিকিৎসকৰ নিদান লাভ কৰিব। শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আগতীয়া ৰোগ নিৰ্ণয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ আদি অসংক্ৰামক ৰোগৰ বিনামূলীয়া স্ক্ৰীনিং কৰা হ’ব, যাৰ ফলত ৰোগ আগতীয়াকৈ ধৰা পেলাই সময়মতে চিকিৎসাৰে জটিলতা প্ৰতিৰোধ কৰিব পৰা যাব। পৰামৰ্শৰ পিছত প্ৰয়োজনীয় ঔষধ তৎক্ষণাত বিনামূলীয়াকৈ দিয়া হ’ব আৰু প্ৰাথমিক ৰোগ নিৰ্ণয়ৰ সুবিধাও উপলব্ধ থাকিব।

ইয়াৰ উপৰিও যোগ্য হিতাধিকাৰীৰ বাবে থিতাতে এবি-পিএমজেএৱাই আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰা হ’ব, যাৰ জৰিয়তে ভৱিষ্যতে তালিকাভুক্ত চিকিৎসালয়ত বছৰি পাঁচ লাখ টকালৈ বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব পাৰিব। যিসকল ৰোগীক উন্নত পৰীক্ষা, অস্ত্ৰোপচাৰ বা বিশেষ চিকিৎসাৰ প্ৰয়োজন হ’ব, তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয় বা উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসাৰ ধাৰাবাহিকতা নিশ্চিত কৰা হ’ব। স্বাস্থ্য সেৱাৰ লগতে জন্ম-মৃত্যুৰ পঞ্জীয়ন , আভা আই ডি প্ৰস্তুত কৰণ আৰু দিব্যাংগ প্ৰমাণপত্ৰৰ দৰে গুৰুত্বপূৰ্ণ সেৱাও শিবিৰতে উপলব্ধ থাকিব। লগতে মাতৃ আৰু শিশু স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টি, মানসিক স্বাস্থ্য আৰু জীৱনশৈলীজনিত ৰোগ প্ৰতিৰোধৰ বিষয়ে সজাগতা সভাও অনুষ্ঠিত কৰা হ’ব।

ডিব্ৰুগড় জিলাত খণ্ড পৰ্যায়ৰ শিবিৰসমূহ ৫ অক্টোবৰত নাহৰকটীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত, ৬ অক্টোবৰত বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত, ৮ অক্টোবৰত জুৰীয়া আই থানৰ সমীপৰ ৰাজগড় ৰাজহুৱা প্ৰেক্ষাগৃহত, খোৱাঙৰ তিলৈ গ্ৰাম্য বজাৰ কমিউনিটি হলত আৰু লাহোৱাল গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ প্ৰেক্ষাগৃহত, ৯ অক্টোবৰত চাবুৱাৰ বেতমালা কমিউনিটি হলত আৰু ১০ অক্টোবৰত দুলীয়াজান বিহুতলীত অনুষ্ঠিত হ’ব। একেদৰে পৌৰ এলেকাসমূহতো জন্ম-মৃত্যুৰ প্ৰমাণপত্ৰ, দিব্যাংগ প্ৰমাণপত্ৰ আৰু এবি-পিএমজেএৱাই কাৰ্ডৰ দৰে অনলাইন সেৱাৰ সুবিধা উপলব্ধ থাকিব। ৫ অক্টোবৰত এই শিবিৰসমূহ নাহৰকটীয়া পৌৰসভাৰ কাৰ্যালয়, নামৰূপ পৌৰসভাৰ কাৰ্যালয় আৰু চাবুৱা পৌৰসভাৰ কাৰ্যালয়ৰ বহুমুখী সামূহিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। আনহাতে ডিব্ৰুগড় পৌৰ নিগমৰ বহুমুখী ভৱনত ১২ অক্টোবৰত এই সেৱা সম্বলিত শিবিৰ অনুষ্ঠিত হ’ব। সেয়েহে, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে সকলো নাগৰিককে সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত এই শিবিৰসমূহত উপস্থিত হৈ বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে অনলাইন সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *