বাঘবৰ,৩অক্টোবৰ:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে উদ্যোগ লোৱা ‘সেৱা সংকল্প অভিযান’ৰ অংশ স্বৰূপে বৰপেটাৰ বাঘবৰৰ গৰলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় বিশেষ সেৱা সংকল্প শিবিৰ । উক্ত শিবিৰত উপস্থিত থাকে বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তন্ময় ঘোষ, সহকাৰী আয়ুক্ত পৱন কুমাৰ উপাধ্যায় ,মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনৰ লগতে উপস্থিত থাকে চৰকাৰৰ অন্যান্য বিভাগৰ কৰ্মকৰ্তা সকলো। উপস্থিত বিষয়া সকলে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে ।উক্ত অভিযান’ৰ জৰিয়তে বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা ৰাইজৰ দুৱাৰডলিলৈকে লৈ যোৱাৰ প্ৰয়াস চৰকাৰৰ ।এই কাৰ্যসূচী অধীনত অৰুণোদয়, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, ৰেচন কাৰ্ড, পেঞ্চনকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত ৰাইজক সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে। ইফালে স্বাস্থ্য মেলাত বিভিন্ন ৰোগৰ কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়াকৈ ঔষধো যোগান ধৰে । চৰকাৰৰ এনে প্ৰশংসনীয় পদক্ষেপক বহুতেই সলাগিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.