টি চিটি অৱ ইণ্ডিয়া’ খ্যাত চাহ নগৰীৰ
ভূমি-ঐতিহ্য ৰক্ষা কৰাৰ সংকল্প লওক জিলা প্ৰশাসনে-আটছাৰ আহ্বান
চাইন অন ডেস্ক,২অক্টোবৰ:
আজি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলাৰ প্ৰতিষ্ঠা দিৱস। জিলাখনৰ এক গৌৰৱোজ্জ্বল ইতিহাস আৰু বৰ্ণিল যাত্ৰাক স্মৰণ কৰাৰ এই বিশেষ দিনটোতে এক অতি গুৰুতৰ তথা স্পৰ্শকাতৰ বিষয় উত্থাপন কৰি জিলা প্ৰশাসনৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই। বিশ্বৰ বুকুত ‘টি চিটি অৱ ইণ্ডিয়া’ (Tea City of India) হিচাপে সুপৰিচিত ডিব্ৰুগড় জিলাৰ ঐতিহাসিক চাহ উদ্যোগ আৰু ইয়াৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনক এক বিশেষ আইনী সংকল্প ল’বলৈ আহ্বান জনাইছে সংগঠনটোৱে।আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত চাহ বাগিচাৰ ভূমি অবৈধভাৱে বিক্ৰী, আবণ্টন আৰু বেদখল হোৱাক লৈ তীব্ৰ উদ্বেগ তথা ক্ষোভ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত আটছা নেতাগৰাকীয়ে অতি বিস্ফোৰক অভিযোগ উত্থাপন কৰি কৰা কয় যে ডিব্ৰুগড়ৰ কেইবাখনো পুৰণি তথা বৃহৎ চাহ বাগিচা ক্ৰমে জালান নগৰ, ঘোগ্ৰাজান, বিজলিবাৰী, ত্ৰিবেণী, হাতীগড়, সৌৰভ, সূৰজ, বিদ্ধা আদি বাগিচাত বৰ্তমান এক ভয়ংকৰ ধ্বংসলীলা আৰু ভূ-মাফিয়াৰ ৰাজত্ব চলিছে। এই ঐতিহ্যবাহী বাগিচাসমূহৰ পৰিৱেশ ৰক্ষাকাৰী ছাঁ দিয়া শতিকা পুৰণি বৃহৎ শিৰীষ গছ
আৰু চাহ গছ আদি নিৰ্দয়ভাৱে উচ্ছেদ কৰা হৈছে। চাহ বাগিচাৰ বাবে সংৰক্ষিত ভূমি আইন বহিৰ্ভূতভাৱে বিক্ৰী কৰি একাংশ অসাধু মাটিৰ দালাল তথা পুঁজিপতিৰ হাতত শ শ বিঘা ভূমি গতাই দিয়াৰ এক সুপৰিকল্পিত প্ৰক্ৰিয়া আৰম্ভ হৈছে, যিয়ে জিলাখনৰ অৰ্থনীতি, শ্ৰমিকৰ ভৱিষ্যত আৰু পৰিৱেশলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।
আনহাতে ডিব্ৰুগড় চহৰৰ সমীপৱৰ্তী অঞ্চলৰ চাহ বাগিচাসমূহৰ ভূমিস্খলন আৰু বেদখলৰ প্ৰসংগও তথ্যসহকাৰে উত্থাপন কৰে আটছা নেতাজনে। তেওঁ কয় যে ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা মানকটা, মাইজান আৰু বকুল চাহ বাগিচাৰ শ শ বিঘা বাগিচাৰ চাহ ম্যাদী ভূমি বৰ্তমান অবৈধ দখলকাৰীয়ে নিজৰ কৱললৈ নিছে। প্ৰশাসনৰ চকুৰ সন্মুখতে এনেদৰে ঐতিহ্যমণ্ডিত চাহ বাগিচাবোৰৰ মাটিত অবৈধ নিৰ্মাণ আৰু দখল কাৰ্য চলি থকাটো অতি দুৰ্ভাগ্যজনক আৰু ইয়াৰ আঁৰত এক বৃহৎ দালাল চক্ৰ সক্ৰিয় হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে।
আটছাৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে জিলা প্ৰশাসনক সকীয়াই দি কয় যে চাহ উদ্যোগটোৱেই হৈছে ডিব্ৰুগড়ৰ প্ৰাণস্পন্দন। চাহ শ্ৰমিকসকলৰ তেজ আৰু ঘামেৰে গঢ়ি উঠা এই উদ্যোগটোক যদি পুঁজিপতি আৰু ভূমি মাফিয়াৰ স্বাৰ্থত ধ্বংস হ’বলৈ দিয়া হয়, তেন্তে ডিব্ৰুগড়ৰ ‘চাহ নগৰী’ৰ যি ঐতিহাসিক পৰিচয়, সেয়া চিৰদিনৰ বাবে নিঃশেষ হৈ পৰিব। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বাগিচাৰ হেজাৰ হেজাৰ শ্ৰমিক পৰিয়ালৰ জীৱন-জীৱিকা আৰু বাসস্থানৰ ওপৰত।গতিকে, আজিৰ এই পবিত্ৰ ডিব্ৰুগড় জিলা দিৱসৰ দিনাই জিলা প্ৰশাসনে কেৱল আনুষ্ঠানিক উৎসৱ-পাৰ্বন পাতিলেই নহ’ব, বৰঞ্চ চাহ নগৰীৰ ঐতিহ্য সুৰক্ষিত কৰিবলৈ এক দৃঢ় আৰু স্পষ্ট মানসিকতা প্ৰদৰ্শন কৰিব লাগিব। কঠোৰ আইনী প্ৰক্ৰিয়াৰে চাহ বাগিচাৰ ভূমি সুৰক্ষিত কৰিবলৈ, বাগিচাৰ মাটি অবৈধ বিক্ৰী বন্ধ কৰিবলৈ আৰু চহৰখনৰ আশে-পাশে থকা বাগিচাৰ মাটিত চলি থকা সকলো অবৈধ বেদখলকাৰী তথা মাটিৰ দালালৰ বিৰুদ্ধে বিহিত আৰু দৃষ্টান্তমূলক আইনী ব্যৱস্থা ল’বলৈ ডিব্ৰুগড় জিলা প্ৰশাসনক আটছাই জনাইছে। অন্যথা চাহ জনজাতিৰ অস্তিত্ব আৰু জিলাখনৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত আটছা আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলিও আটছা নেতাজনে বিবৃতিটোত উল্লেখ কৰে।