...

অৰুণাচলৰ চাংলাঙত উগ্ৰপন্থীৰ বৃহৎ এম্বুছ পৰিকল্পনা নিস্ক্ৰিয়

অৰুণাচলৰ চাংলাঙত উগ্ৰপন্থীৰ বৃহৎ এম্বুছ পৰিকল্পনা নিস্ক্ৰিয়

আটক কৰে দুই আলফা-(আই) কেডাৰ

চাইন অন ডেস্ক,২অক্টোবৰ:

অৰুণাচলৰ চাংলাং জিলাত উগ্ৰপন্থীৰ এক বৃহৎ এম্বুছ পৰিকল্পনা নিস্ক্ৰিয় কৰে নিৰাপত্তাৰক্ষীয়ে আৰু
আটক কৰে দুই আলফা-(আই) কেডাৰ।আটকাধীন সদস্যৰ পৰা উদ্ধাৰ হৈছে এ কে ছিৰিজৰ ৰাইফল, আই ই ডিৰ লগতে অস্ত্ৰ আৰু গোলাবাৰুদৰ এক বিশাল ভাণ্ডাৰ।

আলফা-(আই) আৰু এন এছ চি এন (কে-ৱা)ৰ ২০টা সদস্যৰ যৌথ উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীক এম্বুছ কৰাৰ পৰিকল্পনা কৰিছিল।এক গোপন সূত্ৰৰ ভিত্তিত
আন নিৰাপত্তা বাহিনীৰ সহযোগত অসম ৰাইফলছে এক বৃহৎ তালাচী অভিযান চলাই। ফলত আটক কৰিবলৈ সক্ষম হয়- আলফা-(আই) কেডাৰ সহদেৱ ৰায় ওৰফে বাপ্পী আছম আৰু চিৰাজ আছম ওৰফে চিৰাজু আলম বুলি চিনাক্ত কৰা হৈছে।
এয়া এক বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *