ডিব্ৰুগড়ৰ সৰবৰহী বৈষ্ণৱপ্ৰাণ অৱসৰী কৰ্মচাৰী জয়প্ৰকাশ বড়াৰ দেহাৱসান
চাইন অন ডেস্ক,২অক্টোবৰ:
বিশিষ্ট সমাজ সেৱক সৰবৰহী বৈষ্ণৱপ্ৰাণ ডিব্ৰুগড়ৰ মানকটা খনিয়াগাঁও জোনাকী পথ নিবাসী,ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জয়প্ৰকাশ বড়াৰ বাৰ্ধক্য জনিত কাৰণত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৫ বছৰ। ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বড়াই মৃত্যু সময়ত পুত্ৰ- ট্ৰিদীপজোতি বড়া ,বোৱাৰী ভাঃ প্ৰাতসপলি বড়া,নাতিনী শম্বাভী বড়া,জী- মনজীতা বড়া ,জোৱাইকে ধৰি বহু আত্মীয় স্বজনক এৰিথৈ যায় । ডিব্ৰুগড়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত বড়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।