ডিব্ৰুগড় জিলা বন বিষয়াক আটছাৰ সকীয়নি
চাহ বাগিচাত অবৈধ গছ কটাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী
অ’ এফ প’ৰ্টেলৰ পৰিসংখ্যা ৰাজহুৱা কৰাৰো হুংকাৰ
চাইন অন ডেস্ক,১অক্টোবৰঃ
ডিব্ৰুগড় জিলাত থকা ১৭০ খনতকৈও অধিক বৃহৎ চাহ বাগিচাত ছাঁ দিয়া গছৰ ডিজিটেল পঞ্জীয়ন আৰু জিঅ’-টেগিং (Geo-Tagging) সম্পৰ্কীয় প্ৰমাণিত পৰিসংখ্যা ৰাজহুৱা কৰাৰ দাবীৰে এইবাৰ ডিব্ৰুগড়ৰ জিলা বন বিষয়াক তীব্ৰ সকীয়নি প্ৰদান কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই। সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে এক বিবৃতিৰ জৰিয়তে জিলা বন বিষয়া গৰাকীক চাহ বাগিচাসমূহত চলি থকা ব্যাপক অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।উল্লেখ্য যে, চৰকাৰে গছ-গছনিৰ ডিজিটেল ট্ৰেকিং নিশ্চিত কৰিবলৈ মুকলি কৰা “TOF Portal” (Trees Outside Forests) ৰ অধীনত ডিব্ৰুগড় জিলা বন বিভাগত কিমানখন চাহ বাগিচাৰ মালিকে প্ৰকৃততে চাহ বাগিচাত থকা শিৰীষ গছকে ধৰি অনান্য ছাঁ দিয়া গছ পঞ্জীয়ন কৰিছে, সেই সন্দৰ্ভত জিলা বন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা কোনো স্পষ্ট তথ্য আজিলৈকে ৰাজহুৱা কৰা হোৱা নাই।বিবৃতিটোত আটছা নেতাজনে অভিযোগ কৰা মতে, ডিব্ৰুগড় জিলাৰ জালান নগৰ, বিজলিবাৰী, ঘোগ্ৰাজান আৰু ত্ৰিবেণী চাহ বাগিচাকে ধৰি বহুকেইখন বাগিচাত পৰিৱেশৰ বাবে অত্যন্ত উপকাৰী ছাঁ দিয়া প্ৰকাণ্ড শিৰীষ গছসমূহ ধাৰাবাহিকভাৱে কাটি তহিলং কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে, এই চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষই বাগিচাৰ আৱণ্টিত মাটিও অবৈধভাৱে গোপন বিক্ৰী কৰি থকাৰ এক ভয়ংকৰ চক্ৰ সক্ৰিয় হৈ পৰিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।
আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ ডি এফ অ’ক উদ্দেশ্যি কয় যে, চাহ বাগিচাসমূহৰ প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰা আৰু ভুমিৰ অবৈধ কেনা-বেচা কৰা এই কাৰ্যকলাপসমূহ লুকুৱাবৰ বাবেই বাগিচাৰ মালিকপক্ষই গছৰ ডিজিটেল পঞ্জীয়ন কৰিবলৈ কুণ্ঠাবোধ কৰিছে। সেয়েহে, ডিব্ৰুগড় জিলা বন বিভাগে ইয়াৰ এক প্ৰমাণিত পৰিসংখ্যা (Statistical Data) অতি শীঘ্ৰে ৰাজহুৱা কৰিব লাগে।চাহ বাগিচাসমূহৰ পৰিৱেশ ধ্বংস কৰা আৰু গছ কাটি মাটি অবৈধভাৱে বিক্ৰী কৰা এই সমগ্ৰ বিষয়টোৰ ওপৰত ডি এফ অ’ই এক উচিত তদন্ত কৰাৰ দাবী জনাই আটছাই হুংকাৰ দিয়ে যে, যদিহে বন বিভাগে এই ক্ষেত্ৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আগন্তুক দিনত আটছাই জিলাখনৰ ডি এফ অ’ কাৰ্যালয় ঘেৰাও কৰাৰ দৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে।