ভোটাৰ তালিকাৰ নতুন আবেদনকাৰীসকলে দিব নালাগে এছআইআৰ ‘স্বঘোষণা’
১৩ ৰাজ্যত পুনৰ পুৰণি ফর্ম-৬ বাহাল নির্বাচন
নতুন দিল্লী:
ইচিআই নেটত উভতি আহিল পুৰণি ফর্ম-৬। ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে এই কথা ঘোষণা কৰিছিল আৰু বুধবাৰে ইচিআই নেটত ই উপলব্ধ হয়। কেন্দ্রীয়শাসিত অঞ্চলকে ধৰি এছআইআৰ হৈ যোৱা মুঠ ১৩খন ৰাজ্যত এই ফর্ম উপলব্ধ হৈছে। ফলত নতুন আবেদনকাৰীসকলে আৰু দিব নালাগে এছআইআৰ ‘স্বঘোষণা’। স্মৰ্তব্য যে ফর্ম-৬ পূৰণ কৰিয়েই ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ আবেদন জনাব লাগে নতুন 
কৰ্তন কৰিছে জ্ঞানেশ কুমাৰে। এছআইআৰ আৰম্ভ কৰাৰ পিছত নির্বাচন আয়োগে নতুন ভোটাৰসকলক সংযুক্তকৰণৰ ক্ষেত্ৰত আবেদনকাৰীৰ পৰিয়ালৰ এছআইআৰৰ তথ্য ল’বলৈ আৰম্ভ কৰে। অন্তিম এছআইআৰত আবেদনকাৰী পিতৃ-মাতৃ, ককা-আইতাৰ নাম আছে নে নাই তাক জানিবলৈ বিচৰা হৈছিল। অনলাইন ফৰ্ম-৬ৰ জে আৰু কে শাখাত এছআইআর সম্পৰ্কীয় তথ্য চোৱা হৈছিল। দিয়া হৈছিল ‘স্বঘোষণা’। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হয় যে এই ফর্মত সাল-সলনি ঘটোৱাৰ ক্ষেত্ৰত আপত্তি জনাইছিল আন দুগৰাকী নির্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে। প্রতিবেদন মতে, আয়ুক্ত সান্ধুৱে আপত্তি দর্শাই জনাইছিল যে আইন সংশোধনৰ
পিছতহে ফৰ্মত সংশোধন কৰা যাব। কিন্তু মুখ্য নির্বাচন আয়ুক্তই এই আপত্তি নুশুনিলে বুলি দাবী কৰা হৈছে। তদুপৰি বিভিন্ন সিদ্ধান্তৰ ক্ষেত্ৰতো যোৱা ১০ মাহত ১৪বাৰ তেওঁলোকে মুখ্য নির্বাচন আযুক্ত জ্ঞানেশ কুমাৰলৈ পত্র লিখিছিল। কেবিনেট সচিবৰ ওচৰলৈও পত্র পঠিওৱা হৈছিল বুলি দাবী কৰা হৈছে প্রতিবেদনখনত। তাকে লৈ সমগ্র দেশতে বিৰোধী পক্ষই প্রতিবাদত উত্তাল কৰি তোলে সমগ্র দেশ। এই বিতৰ্কৰ মাজতে শনিবাৰে আয়োগে বিবৃতিত প্রকাশ কৰি একাধিক নতুন সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে। জনোৱা হয় যে যিবোৰ ৰাজ্যত এছআইআৰ হোৱা নাই বা হৈ গৈছে সেইসমূহত ১৯৬০ চনৰ ভোটাৰ আইন অনুযায়ী ফর্ম-৬ পোৱা যাব। এই ঘোষণা তিনি দিন পিছতে বুধবাৰে আয়োগৰ প’ৰ্টেলত পুনৰ পুৰণি ফৰ্ম-৬ উপলব্ধ হৈছে। এছআইআৰ সম্পর্কীয় কোনো তথ্য দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে।