আমোলাপট্টি এম ভি স্কুলৰ সহ শিক্ষক
বসন্ত কুমাৰ গগৈক বিদায় সম্বৰ্ধনা
চাইন অন ডেস্ক,১অক্টোবৰ:

সভাৰ আৰম্ভণিতে বিদায়ী শিক্ষক বসন্ত কুমাৰ গগৈক বিদ্যালয়ৰ তৰফৰ পৰা এখন মানপত্ৰ, ফুলাম গামোচা, জাপি, চেলেং আৰু বিভিন্ন উপহাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মানপত্ৰখন পাঠ কৰে বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰিফা বেগমে। ছাত্ৰ-ছাত্ৰীৰ হৈ ছাত্ৰী ৰিচিকা দাসে এখন ফুলাম গামোচাৰে শিক্ষকগৰাকীক সম্বৰ্ধনা জনায়।সভাপতিৰ ভাষণত প্ৰধান শিক্ষক চন্দন ফুকনে কয়, “বসন্ত কুমাৰ গগৈ কেৱল শ্ৰেণী কোঠাতে সীমাবদ্ধ থকা শিক্ষক নাছিল। তেওঁ প্ৰধান শিক্ষকৰ লগত কান্ধে কান্ধ মিলাই বিদ্যালয়ৰ প্ৰশাসনিক, শৈক্ষিক আৰু সামগ্ৰিক উন্নয়নত যি অৱদান আগবঢ়াই গ’ল, সেয়া বিদ্যালয়ে সদায় মনত ৰাখিব। শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ এজন শিক্ষক নহয়, এজন বন্ধু আছিল। তেওঁৰ বন্ধুসুলভ মনোভাৱ আৰু সকলোৰে লগত মিলি যোৱা গুণে তেওঁক সকলোৰে প্ৰিয় কৰি তুলিছিল।” বিদায়ী ভাষণ দিবলৈ উঠি বসন্ত কুমাৰ গগৈ আৱেগিক হৈ পৰে। 
সভাত জ্যেষ্ঠ শিক্ষয়িত্ৰী আল্পনা চুতীয়াই বসন্ত কুমাৰ গগৈক এখন চেলেং আৰু উপহাৰ প্ৰদান কৰি চমু বক্তব্য ৰাখে। ইয়াৰ লগতে আজিৰ সভাতে বসন্ত কুমাৰ গগৈৰ স্থানত নকৈ যোগদান কৰা নৱাগত শিক্ষয়িত্ৰী জিতামণি গগৈ দাসক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আন্তৰিকতাৰে আদৰণি জনোৱা হয়।আজিৰ এই বিদায় সভাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী মামণি বৰা, ৰূপালী দাস, নিপুজ্যোতি গগৈ, জেনিভা শৰ্মা, কল্যাণী দাস, নিলীমা চাংকাকতী, যুতিকা শৰ্মা, আৰিফা বেগম, শেৱালি দত্ত, বনশ্ৰী ফুকন, নাজৰাণা হাজৰিকা, জিতামণি গগৈ দাস, শিক্ষক যোগেন দাস আৰু সংযুক্তা দাসৰ লগতে বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
সদৌ শেষত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুগৰাকীক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বিদায় দিয়ে।