ডিব্ৰুগড় জিলা প্ৰশাসনৰ দুৰ্গাপূজাৰ প্ৰস্তুতিৰ পৰ্যালোচনা
সুৰক্ষিত আৰু শৃংখলাবদ্ধ উদযাপনত গুৰুত্ব
চাইন অন ডেস্ক,২৮ছেপ্টেম্বৰ:

এই বৈঠকত জিলাখনৰ বিভিন্ন স্থানৰ দুৰ্গাপূজা কমিটিৰ প্ৰতিনিধিসকলৰ লগতে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী বিষয়া, স্বাস্থ্য, অগ্নিনির্বাপক আৰু জৰুৰীকালীন সেৱা, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL), প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, জলসম্পদ, অভ্যন্তৰীণ জল পৰিবহণ 
বৈঠকত উৎসৱৰ বিভিন্ন দিশ, যেনে— যান-বাহন ব্যৱস্থাপনা, ভিৰ নিয়ন্ত্ৰণ, ৰাজহুৱা সুৰক্ষা, জৰুৰীকালীন প্ৰস্তুতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, বিদ্যুৎ যোগান আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাৱলী সম্পৰ্কে বিশদভাৱে আলোচনা কৰা 
আলোচনাৰ অন্তত, প্ৰচলিত ধৰ্মীয় ৰীতি-নীতি আৰু নিয়মসমূহলৈ লক্ষ্য ৰাখি ২১ অক্টোবৰ ২০২৬ তাৰিখে দুৰ্গাপূজাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। লগতে বিহিত প্ৰক্ৰিয়া অনুসৰি পূজা উদযাপনৰ বাবে 
জিলা প্ৰশাসনে সকলো পূজা কমিটিক প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাৰ বাবে নিৰ্ধাৰিত পথসমূহ সমূচিতভাৱে মানি চলিবলৈ আৰু জিলা প্ৰশাসন তথা আৰক্ষী কৰ্তৃপক্ষই জাৰি কৰা সময়সীমা আৰু অন্যান্য নিৰ্দেশনা পালন কৰিবলৈ 
ৰাজহুৱা সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয় যে দুৰ্গাপূজা আনন্দ আৰু ভক্তিৰ উৎসৱ যদিও সুৰক্ষাক সকলোৱে প্ৰাথমিকতা দিয়া উচিত; বিশেষকৈ বয়োজ্যেষ্ঠ, মহিলা আৰু শিশুসকলৰ নিৰাপত্তাৰ প্ৰতি বিশেষ ধ্যান দিয়াটো অতি আৱশ্যক। উৎসৱ যাতে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন হয় আৰু উৎসৱৰ সময়ছোৱাত যাতে কোনো অপ্ৰীতিৰোগক পৰিস্থিতি বা অপ্ৰত্যক্ষিত দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে একত্ৰিত হৈ কাম কৰি ডিব্ৰুগড়ক এক উজ্জ্বল দৃষ্টান্ত হিচাপে গঢ়ি তুলিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়।

জিলা আয়ুক্তগৰাকীয়ে পূজা কমিটিসমূহৰ প্ৰতিনিধি আৰু সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু সমগ্ৰ ডিব্ৰুগড় জিলাতে দুৰ্গাপূজা সুৰক্ষিত, শান্তিপূৰ্ণ আৰু সমন্বয়মূলকভাৱে উদযাপন নিশ্চিত কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীৰ সৈতে নিৰন্তৰ সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰিবলৈ অনুৰোধ জনায়।