অইল ইণ্ডিয়াত চাকৰিৰ প্ৰলোভনেৰে লাখ লাখ টকা লুণ্ঠন
বৰবৰুৱাৰ পাৰ্থপ্ৰতিম বাগলাৰিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
চাইন অন ডেস্ক,২৫ ছেপ্তেম্বৰঃ
বৰবৰুৱাৰ পৰা এক বৃহৎ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। অইল ইণ্ডিয়াত চাকৰি দিয়াৰ প্ৰলোভন দি বহিঃৰাজ্য তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পাৰ্থপ্ৰতিম বাগলাৰি নামৰ লোকজনৰ বিৰুদ্ধে। ত্ৰিপুৰাৰ এগৰাকী ২৪ বছৰীয়া যুৱতী পূৰবী দেৱনাথৰ পৰা ৪.৫ লাখ টকা লোৱাৰ লগতে তেওঁৰ জৰিয়তে আন কেইবাগৰাকীও যুৱক-যুৱতীৰ পৰা মুঠ প্ৰায় ৩০ লাখ টকা সংগ্ৰহ কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। বিশেষকৈ ত্ৰিপুৰাৰ ধৰ্মনগৰৰ ৬ গৰাকী যুৱক-যুৱতী আৰু অসমৰ পাথাৰকান্দি সমষ্টিৰ বহু যুৱক-যুৱতী এই প্ৰৱঞ্চনাৰ বলি হৈছে। ভুক্তভোগীসকলক কেৱল ধন সংগ্ৰহ কৰিয়েই ক্ষান্ত নাথাকি ভুৱা নিয়োগ পত্ৰ বা অফাৰ লেটাৰ প্ৰদান কৰা হৈছিল। প্ৰৱঞ্চনাৰ বলি হোৱা যুৱতীগৰাকীয়ে বাৰম্বাৰ স্থানীয় আৰক্ষী-প্ৰশাসনৰ কাষ চাপিলেও কোনো ধৰণৰ গুৰুত্ব বা সঠিক সঁহাৰি পোৱা
