...

প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী

প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৭৮ সংখ্যক জন্ম জয়ন্তী

ঢকুৱাখনাৰ কমাৰ গাঁওৰ নামঘৰত উছৱমুখৰ পৰিৱেশ

ঢকুৱাখনা,২৫ ছেপ্টেম্বৰ:

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২৬ ছেপ্টেম্বৰৰ পৰা প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৭৮ সংখ্যক গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ উদযাপন কৰা হ’ব।ঢকুৱাখনা মাণ্ডলিক সংঘৰ অন্তৰ্গত কমাৰ গাঁও বুনিয়াদী সংঘৰ আতিথ্যত কমাৰ গাঁও নামঘৰত অনুষ্ঠিত হ’বলগীয়া গুৰুজনাৰ
জন্ম জয়ন্তী উৎসৱক লৈ এক আধ্যত্মিক পৰিৱেশে বিৰাজ কৰাৰ লগতে অসমীয়া নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক মহাপুৰুষজনাৰ এই জন্মজয়ন্তী উপলক্ষে বিভিন্ন আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে।উৎসৱভাগি সৰ্বাংগসুন্দৰ আৰু সাফল্যমণ্ডিত কৰি তোলাৰ মানসেৰে প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ, ঢকুৱাখনা মাণ্ডলিকৰ সভাপতি বিপিন চন্দ্ৰ বৰা আৰু সম্পাদক গোপাল কোঁৱৰৰ নেতৃত্বত এক শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।
উদযাপন সমিতিৰ সভাপতি হীৰা দত্ত আৰু সম্পাদক টংক দত্তই জনোৱা অনুসৰি
কাইলৈ পুৱা ৬ বজাত পৰিবেশ নিকাকৰণেৰে মহোৎসৱৰ শুভ আৰম্ভণি ঘটিব। পুৱা ৬-৩০ বজাত নামঘৰীয়া তৰুণ দত্তৰ দ্বাৰা গছপুলি ৰোপণ, ৭ বজাত লোহিত বৰাৰ দ্বাৰা শৰাই প্ৰতিষ্ঠা আৰু ৭-৩০ বজাত মাণ্ডলিক সংঘৰ সভাপতি বিপিন চন্দ্ৰ বৰাৰ দ্বাৰা পতাকা উত্তোলন কৰা হ’ব। পুৱা ৯ বজাত মদাৰগুৰি বুনিয়াদী সংঘৰ অসমী চুতীয়াৰ সঞ্চালনাত পুৱাৰ প্ৰসংগ, ১০ বজাত কেন্দ্ৰীয় মাতৃ সমিতিৰ সম্পাদিকা প্ৰতিভা বৰাৰ পাঠদান আৰু সভানেত্ৰী দুলু বৰা আইৰ ব্যাখ্যাৰে ভাগৱত পাঠ কাৰ্যসূচী অনুষ্ঠিত হ’ব। দুপৰীয়ালৈ শিশুসকলৰ মাজত অনুষ্ঠিত হ’ব বৰগীত আৰু কুইজ প্ৰতিযোগিতা। ইয়াৰ পিছতে ভোমা চুতীয়া, মদাৰগুৰি আৰু বামুন চুক বুনিয়াদী সংঘৰ আইসকলে নাম পৰিবেশন কৰিব।সন্ধিয়া বন্তি প্ৰজ্জ্বলনৰ পিছতেই কমাৰ গাঁওৰ যুৱক-যুৱতী তথা আইসকলৰ দ্বাৰা অখণ্ড নাম পৰিবেশন।উৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে পুৱা ৭-৩০ বজাত জ্যোতি দত্তৰ দ্বাৰা শৰাই প্ৰতিষ্ঠা আৰু ৮-৩০ বজাত অনিল চন্দ্ৰ বৰাৰ পৰিচালনাত পুৱাৰ প্ৰসংগ। ৯-৩০ বজাত উলিওৱা হ’ব বৰ্ণাঢ্য ‘ভাগৱত শোভাযাত্ৰা’। শোভাযাত্ৰাভাগ উদ্বোধন কৰিব প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ, অসমৰ সম্পাদক ভূপেন বৰুৱাই।দিনৰ ১২-৩০ বজাত মাণ্ডলিক সভাপতি বিপিন চন্দ্ৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব মূল ধৰ্মালোচনী সভা। থেকেৰাগুৰি বুনিয়াদী সংঘৰ ক্ষীৰোদ শৈকীয়াই উদ্বোধন কৰিবলগীয়া সভাখনত বিশিষ্ট বক্তা হিচাপে বক্তব্য ৰাখিব পলাশ কোঁৱৰ আৰু অৰূপম দাসে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় সংঘৰ সভাপতি দিগন্ত ভূঞা, বৰদলনি কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক প্ৰেমানন্দ তালুকদাৰ, কেন্দ্ৰীয় উপ-সভাপতি ভুবন গোহাঁই আৰু মুখ্য শৰণাচাৰ্য চন্দ্ৰ কমল বৰা। ধৰ্মালোচনী সভাত বালিগাঁও, দেৱলীয়া আৰু ঘাঁহিগাঁও বুনিয়াদী সংঘৰ আইসকলে নাম পৰিবেশন কৰিব।মহোৎসৱৰ অন্তিম নিশা ৯ বজাত নাৰায়ণ দত্ত আৰু পৰিয়ালবৰ্গৰ সৌজন্যত কমাৰগাঁও যুৱক-যুৱতীসকলৰ দ্বাৰা “ভাগৱত মাহাত্ম্য গোকৰ্ণ – ধুন্ধুকাৰী আখ্যান” ভাওনা প্ৰদৰ্শন কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *