দলগাঁৱত নাৰী নির্যাতন
ছুৰীকাঘাত কৰি ৰঙা ঘৰত স্বামী
দলগাঁও,২৩ছেপ্টেম্বৰ:
দৰঙৰ দলগাঁৱত নাৰী নির্যাতনৰ চৰম পর্যায়ত পত্নীক ছুৰীকাঘাত কৰি ৰঙা ঘৰৰ আলহী হ’ল স্বামী । এজাহাৰ ভিত্তিত আটক কৰা স্বামীক আজি জেল হাজোতলৈ প্রেৰণ কৰে আৰক্ষীয়ে । অভিযোগ মতে দলগাঁও থানাৰ অন্তৰ্গত বাগিছা কাষ গাঁৱত পত্নীক দলবদ্ধ ভাৱে আক্ৰমণ কৰে স্বামী চিৰাজ আলীৰ লগতে শহুৰ,শাহু আৰু জেঠাহুৰে । অভিযোগ মতে প্ৰায় ছ বছৰ মান আগতে কপাটি গাঁৱৰ আবুবক্কৰ ছিদ্দিকিৰ কন্যা ৰূপচানা খাতুনৰ লগত বাগিছাকাষ গাঁৱৰ জবান আলীৰ ল’ৰা ছিৰাজ আলীৰ লগত সামাজিক ভাৱে বিবাহ সম্পন্ন হৈছিল। দুটা বছৰ ৰূপচানা আৰু ছিৰাজৰ বৈবাহিক জীৱন ভালেই চলিছিল । তেওঁ লোকৰ এটি পুত্ৰ সন্তানৰো জন্ম হয়। কিন্তু আজি কিছু দিনৰ পৰা ৰূপচানাৰ ওপৰত ছিৰাজৰ পৰিয়ালে যৌতুক বিচাৰি নানা ধৰণৰ অত্যাচাৰ আৰম্ভ কৰে।যোৱা ১৮ চেপ্তেম্বৰত সন্ধিয়া প্ৰায় ৬-৩০ বজাত স্বামী চিৰাজ আলীৰ লগতে শহুৰ, শাহু আৰু জেঠাহুৰে দলবদ্ধ ভাৱে ছুৰীৰে আক্ৰমণ কৰি মূৰ আৰু হাতত বেয়াকৈ আঘাত কৰে বুলি ৰূপচানাৰ পিতৃ আবুবক্কৰ ছিদ্দিকে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত দলগাঁও থানাৰ আৰক্ষীয়ে এটি গোচৰ পঞ্জীয়ন কৰি ৰূপচানাৰ স্বামী চিৰাজক আটক কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে বাকী কেইজনক বিচাৰি আছে যদিও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।