কিনকিনিয়া বৰষুণকো নেওচি ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঐতিহাসিক সত্ৰশালৰ ৰামৰাইকুটী সত্ৰত আজি গুৰুজনা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ তম জন্মজয়ন্তীৰ চাৰিদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটো ভক্তি-আধ্যাত্মিকতাৰে পালন কৰা হয়। আজি পুৱা ১১ বজাত সত্ৰৰ আই-বাপুসকলে ভাগৱত লৈ এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিয়ায়। নাম-কীৰ্তনেৰে সত্ৰখনৰ চাৰিওফালে চাৰিবাৰ প্ৰদক্ষিণ কৰাৰ পিছত কটকটীয়া নিৰাপত্তাৰে ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ সিপাৰে থকা ন’ মেন্স লেণ্ডৰ ঔটেঙা গছৰ তলত সেৱা জনায়। গোলকগঞ্জৰ সীমান্তৱৰ্তী সত্ৰখনত গুৰুজনাৰ নাম-কীৰ্তনেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে। আজিও হাজাৰ হাজাৰ ভকতৰ উপস্থিতিত সত্ৰখনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। সম্পূৰ্ণ বৈষ্ণৱ ধৰ্ম আৰু আধ্যাত্মিকতাৰ গুণ-গানেৰে গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু অনুপ্ৰাণিত হৈ ঐতিহাসিক সত্ৰখনত প্ৰতিবছৰে শান্তি-শৃংখলা আৰু ভাতৃত্ববোধেৰে গুৰুজনাৰ জন্মজয়ন্তী পালন কৰা হয়। উল্লেখ্য যে, কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ বিশ্ব মহাবীৰ চিলাৰায়ে গুৰুজনাৰ ভতিজী জীয়ৰী আই ভুৱনেশ্বৰীক ৰামৰাইকুটীত বিয়া কৰাইছিল। সেই ঐতিহাসিক সত্ৰখনত আজিও গুৰুজনাৰ আধ্যাত্মিকতা আৰু আদৰ্শৰ বীজ বিৰাজমান হৈ আছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.