নিখিল ভাৰত বংগ সাহিত্য সন্মিলনৰ উদ্যোগত জুবিন দিৱস পালন
ড০ শেখৰ পুৰুকায়স্থ, ড০ শেখৰ চক্ৰৱৰ্তী, ড০ ৰীতা পদ্দাৰ আদিয়ে জুবিনক স্মৰণ
চাইন অন ডেস্ক,২২চেপ্তেম্বৰ:

ডিব্ৰুগড়তো জুবিন গাৰ্গৰ স্মৃতিত অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী। পিছ পৰি নৰ’ল নিখিল ভাৰত বংগ সাহিত্য সন্মিলন, ডিব্ৰুগড় শাখা।
সন্মিলনৰ কাৰ্যালয়ৰ চৌহদত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি আৰু পুষ্প অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে সদস্য-সদস্যা সকলে। বন্তি প্ৰজ্জ্বলনৰ লগতে জুবিন গাৰ্গৰ স্মৃতিত মায়াবিনী গীতেৰে শিল্পীগৰাকীক স্মৰণ কৰা হয়।অনুষ্ঠানত জুবিন গাৰ্গৰ জীৱন, সংগীত আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ ওপৰত সাৰগৰ্ভ আলোচনা কৰে ডঃ শেখৰ পুৰকায়স্থ, ডঃ শেখৰ চক্ৰৱৰ্তী আৰু অৰুণোদয় ভট্টাচাৰ্যই।সংগীত পৰিবেশন কৰে আৰু সুব্ৰত ৰয় আৰু সুদেষ্ণা দাসে আবৃত্তি পৰিবেশন কৰে।নিখিল ভাৰত বংগ সাহিত্য সন্মিলন, ডিব্ৰুগড় শাখাৰ সভাপতি ডঃ শেখৰ পুৰকায়স্থ, সম্পাদক ডঃ ৰীতা পদ্দাৰ আৰু কোষাধ্যক্ষ আশীষ বিশ্বাসৰ লগতে সন্মিলনৰ সদস্য-সদস্যাসকলে অংশগ্ৰহণ কৰে এই স্মৰণ অনুষ্ঠানত। শিল্পী জুবিন গাৰ্গ শাৰীৰিক ভাৱে আমাৰ মাজত উপস্থিত নাথাকিলেও, তেওঁৰ গীত, সুৰ আৰু সৃষ্টিৰ মাজেৰে সদায় আমাৰ মাজত জীয়াই থাকিব বুলি বিশিষ্ট ব্যক্তিসকলে অনুভৱ কৰে।