বালিপৰাত সাহিত্য সভা আৰু প্ৰেছ ক্লাৱৰ উদ্যোগ
হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনু্ষ্ঠান
বালিপৰা,১৯ছেপ্তেম্বৰ:
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, গণশিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু তিথিত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বালিপৰাতো বালিপৰা শতদল শাখা সাহিত্য সভা আৰু বালিপৰা প্ৰেছ ক্লাৱে যুটীয়াকৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । বালিপৰা কেন্দ্ৰস্হলত
হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বালিপৰা শাখা সাহিত্য সভাৰ সভাপতি হেমেন শইকীয়াই আৰু মাল্যাৰ্পণ কৰে বালিপৰা প্ৰেছ ক্লাৱৰ সভাপতি দীপজ্যোতি শইকীয়াই ।অঞ্চলটোৰ ভালেসংখ্যক ৰাইজ উপস্থিত থাকি প্ৰিয় শিল্পী গৰাকীক অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি জুবিন গাৰ্গৰ আদৰ্শৰে আগবঢ়াৰ সংকল্প লয় । অনুষ্ঠানত সকলোৱে একত্ৰিতভাৱে মায়াবিনী গীত পৰিবেশন কৰে ।