বর্ষাক বিদায় দি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰত
শৰতৰ উমান পায় শুভ্ৰ দলিচাৰে ভৰিছে কঁহুৱা
চাৰিকড়ীয়াৰ নদীৰ পাৰত শাৰী শাৰীকৈ ফুলিছে কঁহুৱা
পুলকজ্যোতি বৰা, ঢকুৱাখনা,১৬ ছেপ্টেম্বৰ:
বর্ষাক বিদায় দি ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ।শৰতক আদৰিবলৈ শুভ্ৰ আঁচল মেলি দিছে প্ৰকৃতিয়ে।কঁহুৱাৰ শুভ্ৰ আঁচলত ধৰি আগুৱাই আহিছে ঋতুৰাণী শৰৎ।শৰতৰ আগমনৰ বতৰা বিলাই নীলা আকাশৰ তলত নাচিছে শুভ্ৰ কঁহুৱাই।নিজান নদীৰ পাৰটোতো হালিজালি শাৰী শাৰীকৈ শুভ্ৰ আঁচল উৰুৱাই ফুলিছে অসংখ্য কঁহুৱা।শৰতৰ আগমনৰ লগে লগেই আৰম্ভ হয় উৎসৱৰ বতৰ।উৎসৱ আগমনৰ বার্তাত মন-প্ৰাণ হৰি নিয়াৰ সময় এয়া। বৰ্ষাক্ত মনটোক অশান্ত কৰিবলৈ যেন আকৌ ফুলিছে কঁহুৱা। নৈ-জান-জুৰিৰ কাষে কাষে ফুলি উঠিছে শাৰী শাৰী কঁহুৱা।শুভ্ৰ কঁহুৱাৰ দৃষ্টিনন্দন শোভাই হাতবাউলি মাতিছে সকলোকে।কঁহুৱা ফুলৰ এই নয়নাভিৰাম দৃশ্যই যেন মানুহৰ মনলৈও কঢ়িয়াই আনিছে নতুন সম্ভাৱনা।ঢকুৱাখনাৰ চাৰিকড়ীয়াৰ

