বৰ্তমান সময়ত সংবাদ মাধ্যমসমূহ এক উদ্যোগলৈ ৰূপান্তৰিত হৈছে
খোৱাং মহাবিদ্যালয়ৰ কেৰিয়াৰ কৰ্মশালাত মনজিৎ বৰা
চাইন অন ডেস্ক,১৫ ছেপ্টেম্বৰঃ
গণমাধ্যম আৰু সাংবাদিকতা কেৱল এটা বিষয় বা সেৱাই নহয়, ই হৈছে দক্ষতা, সৃষ্টিশীলতা আৰু দায়িত্ববোধৰ এক বিশেষ সংমিশ্ৰণ। আজিৰ ধাবমান প্ৰযুক্তিৰ যুগতো সাংবাদিকতা আৰু গণসংযোগৰ ক্ষেত্ৰখনত কেৰিয়াৰৰ সম্ভাৱনাৰ দুৱাৰ অতি ব্যাপক হৈ পৰিছে।- খোৱাং মহাবিদ্যালয়ৰ ‘কেৰিয়াৰ কাউঞ্চেলিং, গাইডেঞ্চ আৰু ইনফ’ৰ্মেচন চেল’ৰ উদ্যোগত তথা খোৱাং প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত “সাংবাদিকতা আৰু গণ সংযোগ মাধ্যমত কেৰিয়াৰৰ সম্ভাৱনা” শীৰ্ষক এক বিশেষ মনোগ্ৰাহী কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই। তেওঁ আৰু কয়- যদি বিদ্যা আৰু সৃষ্টিশীল কামত সততা, একাগ্রতা আৰু নিপুনতা থাকে, তেনেহ’লে ক’তো থমকি ৰ’বলগীয়া নহয়। গণসংযোগ আৰু সাংবাদিকতা পঢ়ি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে ভৱিষ্যতে সংস্থাপন আৰু উন্নতিৰ আকাশখন মুকলি হৈ পৰিব। তেওঁ কয় যে, নিষ্ঠা আৰু মূল্যবোধক মূল আধাৰ হিচাপে ল’লে এই ক্ষেত্ৰখনত সাফল্য লাভ কৰাতো সুনিশ্চিত। বৰ্তমান সময়ত সংবাদ মাধ্যমসমূহ এক উদ্যোগলৈ ৰূপান্তৰিত হোৱাৰ কথা দোহাৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে প্ৰকাশ কৰে যে, বৰ্তমান সাংবাদিকতা কেৱল এক উপাৰ্জনহীন সেৱা হৈ থকা নাই। এজন অধ্যাপকে পোৱাৰ সমপৰিমাণ বা তাতকৈও অধিক দৰমহা সংবাদ মাধ্যমত উপাৰ্জন কৰাৰ সুযোগ আছে। অৱশ্যে প্ৰত্যাহ্বানৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে, মফচলীয় অঞ্চলৰ সাংবাদিকসকলে আজিও প্রাপ্য সুযোগ-সুবিধাৰ পৰা কিঞ্চিৎ বঞ্চিত হৈ আছে আৰু এই ব্যৱধান আঁতৰোৱাৰ কাৰণে প্ৰচেষ্টা অব্যাহত আছে। ভাষণত বৰাই ছাত্ৰ-ছাত্ৰীসকলক সাংবাদিকতা আৰু গণসংযোগত কেৰিয়াৰ গঢ়িবলৈ প্রয়োজনীয় বিভিন্ন গুণ আৰু ব্যৱহাৰিক কৌশলবোৰ বিস্তৃতভাৱে ব্যাখ্যা কৰে। তেওঁ কয় যে, বাতৰি প্ৰস্তুত কৰোঁতে অতি কঠিন আৰু কঠিন সাহিত্যিক শব্দৰ পৰিৱৰ্তে একেবাৰে সৰল, প্ৰাঞ্জল ভাষা ব্যৱহাৰ কৰিব লাগে যাতে সাধাৰণ পাঠকেও সেয়া সহজে বুজি পায়। গণমাধ্যম বিষয়টো কেৱল বাতৰিকাকততে আৱদ্ধ হৈ থকা নাই বুলি আঙুলিয়াই দি তেওঁ কয় যে, বোলছবি হৈছে গণমাধ্যমৰ আটাইতকৈ শক্তিশালী দৃশ্যশ্ৰাব্য মাধ্যম। যিয়ে সমাজৰ প্ৰতিটো স্তৰৰ মানুহক আটাইতকৈ বেছি আকৰ্ষিত আৰু প্ৰভাৱিত কৰিব পাৰে। এই বিষয়টো অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে এজন সফল প্ৰযোজক, পৰিচালক, অভিনেতা বা দক্ষ কলা-কৌশলী হ’ব পাৰে। ঠিক সেইদৰে বিজ্ঞাপন উদ্যোগটোও গণমাধ্যমৰ এক বিৰাট লাভজনক আৰু বিশাল অংশ। ডাঙৰ ডাঙৰ কৰ্পোৰেট কোম্পানীবোৰে সৃষ্টিশীল কণ্টেণ্ট ৰাইটাৰ আৰু এডভাৰ্টাইজিং টিমক লাখ লাখ টকাৰ আকৰ্ষণীয় দৰমহাত নিযুক্তি প্ৰদান কৰে। অসমৰ ছাত্ৰ-ছাত্ৰীসকলে এনেবোৰ বিৰল সুযোগ আৰু দক্ষতাভিত্তিক ব্যৱস্থাৰ বিষয়ে অধিক সজাগ হোৱাৰ প্ৰয়োজন আছে। ইফালে, চৰকাৰী আৰু বে-চৰকাৰী দুয়োটা খণ্ডতে ‘জনসংযোগ বিষয়া’ৰ পদসমূহৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে।
ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ উপৰি চৰকাৰী তথ্য আৰু জনসংযোগ বিভাগতো এপিএছচিৰ জৰিয়তে গণসংযোগ বিষয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম অগ্ৰাধিকাৰ দি কনিষ্ঠ আৰু জ্যেষ্ঠ জনসংযোগ বিষয়া পদত নিযুক্তি দিয়া হয়। ইয়াৰোপৰি আকাশবাণীৰ দৰে মাধ্যমতো এক সুন্দৰ কেৰিয়াৰ গঢ়িব পৰা যায়। সংবাদ মাধ্যমক প্ৰায়ে ‘চতুৰ্থ স্তম্ভ’ বুলি কোৱা ধাৰণাটোক স্পষ্ট কৰি সম্পাদক বৰাই কয়- সংবাদ মাধ্যমক ‘চতুৰ্থ স্তম্ভ’ বুলি কোৱা ধাৰণাটো ১৮ শতিকাত ব্ৰিটেইনৰ সংসদত এডমাণ্ড বাৰ্ক নামৰ সাংসদগৰাকীয়ে গেলেৰীত বহি থকা সাংবাদিকসকলক লক্ষ্য কৰি দিয়া এক অলংকাৰিক বক্তব্যহে আছিল। ভাৰতীয় সংবিধানৰ আইন অনুসৰি কাৰো বাক স্বাধীনতা অসীম নহয়, তাটো কিছুমান সীমাবদ্ধতা আছে। গতিকে সংবাদ মাধ্যমত কাম কৰা অৱস্থাত নিজকে সৰ্বে সৰ্বা বুলি ভাবি ন’লৈ সংবিধানৰ পৰিসীমা আৰু বিধি-বিধানসমূহ মানি চলাটো প্ৰতিজন সাংবাদিকৰ নৈতিক কৰ্তব্য। মনজিৎ বৰাই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্য স্থিৰ কৰি একনিষ্ঠভাৱে নিজৰ দক্ষতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। খোৱাং মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক বিপিন শৰ্মাই বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা এই অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ত্ৰৈলোক্য দিহিঙীয়াই তেওঁৰ আদৰণী ভাষণৰ জৰিয়তে উপস্থিত সকলোকে উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে অসমীয়া বিভাগৰ ছাত্ৰী প্ৰেৰণা বৰাই এটি অতি সুমধুৰ ভূপেন্দ্ৰ সংগীত
পৰিৱেশন কৰি সমগ্ৰ প্ৰেক্ষাগৃহৰ পৰিৱেশ আপ্লুত কৰি তোলে। সমাজতত্ব বিভাগৰ সহকাৰী অধ্যাপিকা ড° পল্লৱী হাজৰিকাই আঁত ধৰা সভাখনত মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্রতীম শৰ্মাই বিষয়বস্তুৰ গুৰুত্ব দাঙি ধৰি বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। মহাবিদ্যালয়ৰ সপ্তম ষান্মাসিকৰ ছাত্ৰ ঘোৰণজ্যোতি চেলেং আৰু নিহামণি গগৈয়ে বক্তব্যৰ বিষয়বস্তুক লৈ উত্থাপন কৰা জটিল প্ৰশ্নসমূহৰ অতি সুন্দৰ আৰু যুক্তিপূৰ্ণ উত্তৰ প্ৰদান কৰে মনজিৎ বৰাই। মহাবিদ্যালয়ৰ পঞ্চম আৰু সপ্তম ষান্মাসিকৰ শতাধিক শিক্ষাৰ্থীৰ উপস্থিতিয়ে প্ৰাণৱন্ত কৰি তোলা এই অনুষ্ঠানত ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ডেইজীপ্ৰিয়া গগৈ, খোৱাং প্ৰেছ ক্লাৱৰ সভাপতি বাবুল সোনোৱাল, সাধাৰণ সম্পাদক প্ৰণৱ ডেকাবৰুৱাকে ধৰি মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। শেষত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক নিত্যানন্দ্ৰ দাসে সকলোকে ধন্যবাদ জনাই শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে অনুষ্ঠানৰ সামৰণি পৰে।