...

শ্ৰীঘেই কাপোৰৰ মূল্যবৃদ্ধিৰ আশংকা !

শ্ৰীঘেই কাপোৰৰ মূল্যবৃদ্ধিৰ আশংকা !

দূৰ্গা পূজাত হব কাপোৰৰ দাম বৃদ্ধি ?

নতুন দিল্লী,১৫ছেপ্তেম্বৰ:

শ্ৰীঘেই কাপোৰৰ মূল্যবৃদ্ধিৰ আশংকা।দূৰ্গা পূজাত হব কাপোৰৰ দাম বৃদ্ধি ? কি হব,দুখীয়া, মধ্যবিত্ত লোকৰ ?
পূজাত কাপোৰ লব নোৱাৰিব নি?
মধ্য প্রাচ্যত চলি থকা যুদ্ধ আৰু সংঘাতৰ প্ৰভাৱ এতিয়া বিশ্বৰ বস্ত্ৰ আৰু ফেশ্বন উদ্যোগৰ ওপৰত গভীৰভাৱে পৰিবলৈ আৰম্ভকৰিছে। কেঁচামালৰ নাটনি, পৰিবহণ ব্যয় আৰু শক্তিৰ বৰ্ধিত মূল্যৰ বাবে বিশ্বজুৰি কাপোৰৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে। যুদ্ধৰ বাবে’ খাৰুৱা তেলৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হোৱাৰ ফলত পলিয়েষ্টাৰৰ মূল্য বহু গুণে বৃদ্ধি পাইছে। ইয়াৰ উপৰি সাৰৰ নাটনি আৰু যোগান ব্যাহত হোৱাৰ বাবে কপাহৰ মূল্যও বিগত দুবছৰৰ সর্বোচ্চ স্তৰত উপনীত হৈছে।বিশেষজ্ঞসকলৰ মতে সাধাৰণতে এবিধ আঁহৰ দাম বাঢ়িলে আনটো বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু বৰ্তমান দুয়োবিধ মূল আঁহৰ মূল্য একেলগে বৃদ্ধি পোৱাটো ফেশ্বন ব্ৰেণ্ডসমূহৰ বাবে ডাঙৰ প্রত্যাহ্বান হৈ পৰিছে। পোছাক নিৰ্মাণৰ বাবে প্রয়োজনীয় সূতা, ৰং, ৰাসায়নিক সামগ্রী, গেছ আৰু শক্তিৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। জাহাজ পৰিবহণৰ পথত সৃষ্টি হোৱা জটিলতাৰ বাবে সাগৰীয় পথৰ পৰিবহণ খৰচো ক্ৰমাৎ বাঢ়িছে। তৈয়াৰ পোছাক কৰা কাৰখানাসমূহত কেঁচামালৰ খৰচেই মুঠ ব্যয়ৰ প্রায় ৬০ শতাংশ দখল কৰে, য’ত তেওঁলোকৰ লাভৰ

অংশ সাধাৰণতে মাত্র ২% ৰ পৰা ৩% থাকে। কেঁচামালৰ মূল্যবৃদ্ধি আৰু ক্রেতাসকলে নতুন অৰ্ডাৰ স্থগিত ৰখাৰ ফলত বহু কাৰখানাত উৎপাদন স্থবিৰ হৈ পৰিছে। উল্লেখ্য যে ব্ৰেণ্ডসমূহে সাধাৰণতে কেই বামাহো আগতেই অৰ্ডাৰ থোৱাৰ বাবে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ ক্রমান্বয়ে বজাৰত দেখা যাব। বাণিজ্য বিশেষজ্ঞ আৰু পৰামৰ্শদাতা সংস্থাসমূহৰ মতে, শৰৎ আৰু বিশেষকৈ অহা বসন্ত-গ্ৰীষ্মকাললৈ সাধাৰণ কাপোৰৰ মূল্য প্রায় ১০% ৰ পৰা ২০% লৈ বৃদ্ধি পাব পাৰে। জাৰাৰ মূল কোম্পানী ইণ্ডিটেক্সকে ধৰি কেইবাটাও শীর্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্রেণ্ডে সদৰী কৰিছে যে মধ্যপ্রাচ্যৰ এই অস্থিৰতাই তেওঁলোকৰ পৰিবহণ আৰু কেঁচামালৰ খৰচ যথেষ্ট বৃদ্ধি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *