১১খন বাগিচাৰ ভূমি লুণ্ঠনৰ বিৰুদ্ধে ডিব্ৰুগড়ত আটছাৰ বিশাল প্ৰতিবাদ
উত্তাল জিলা আয়ুক্ত কাৰ্যালয়
চাহ বাগানৰ এক ইঞ্চি মাটিও দাদাল পুঁজিপতিৰ হাতলৈ যাবলৈ দিয়া নহ’ব”— আটছাৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিৰ চৰম সকীয়নি!
চাইন অন ডেস্ক,১৫ ছেপ্টেম্বৰ:
ডিব্ৰুগড় জিলাৰ চাহ বাগিচাসমূহৰ চাহম্যাদী ভূমি অবৈধ ক্ৰয়-বিক্ৰয়, বেদখল আৰু মাটি মাফিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।(আটছা)ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা অসম চাহ জনজাতি মহিলা সমিতি আৰু সমূহ শাখা সমিতিৰ সহযোগত ৰূপায়ণ কৰা এই ঘণ্টীয়া বিশাল গণ বিক্ষোভ কাৰ্যসূচীত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি সমগ্ৰ পৰিৱেশ কঁপাই তোলে। হাতে হাতে প্লেকাৰ্ড আৰু সংগঠনৰ পতাকা লৈ প্ৰতিবাদকাৰীসকলে
খাৰজান বাগিচাৰ ২০০ বিঘা মাটিৰ চাহগছ কৰি অন্য উদ্যোগ স্হাপনৰ প্ৰক্ৰিয়া বন্ধ কৰক,দক্ষিণ জালান নগৰ চাহ বাগিচাৰ মাটি খণ্ড খণ্ড বিক্ৰী বন্ধ তথা ‘হোটেল’ আৰু হাস্পতাল নিৰ্মাণৰ ষড়যন্ত্ৰ— বন্ধ কৰক,ত্ৰিবেণী আৰু বিজলিবাৰী বাগিচাৰ শ-শ বিঘা ভূমি কোটি কোটি টকাত বিক্ৰী কৰা দালালক— গ্ৰেপ্তাৰ কৰক,চাহ বাগানৰ মাটিত মাটি দালালৰ দপদপনি— নচলিব আদি শ্লগানেৰে
চৰকাৰ, মালিকপক্ষ আৰু মাটি দালালৰ বিৰুদ্ধে আটছা সৰৱ হৈ পৰে।প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি চৰকাৰ আৰু জিলা প্ৰশাসনক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মিয়ে।কুৰ্মিয়ে স্পষ্ট হুংকাৰ দি কয় যে আজি ডিব্ৰুগড় জিলাৰ চাহ উদ্যোগ এক গভীৰ সংকটৰ মুখত পৰিছে। জিলা প্ৰশাসন আৰু চৰকাৰৰ নাকৰ তলতে দিন-দুপৰতে চাহ বাগানৰ মাটি লুণ্ঠনৰ এক
বৃহৎ ক’লা বজাৰ চলিছে। মাটি মাফিয়া আৰু একাংশ লোভী মালিকে মিলি আমাৰ চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠী সমাজখনৰ অস্তিত্ব নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। যদিহে প্ৰশাসনে এই মাটি মাফিয়া আৰু দালালচক্ৰক শীঘ্ৰে কৰায়ত্ত নকৰে, তেন্তে আটছা-ই আইনী আৰু গণতান্ত্ৰিকভাৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব। চাহ বাগানৰ এক ইঞ্চি মাটিও আমি পুঁজিপতিৰ হাতলৈ যাবলৈ নিদিওঁ বুলি সংবাদ মাধ্যমৰ আগত বিষোদ্গাৰ প্ৰকাশ কৰি আটছাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদকজনে পুনৰ কয় যে চৰকাৰে চাহ জনজাতিৰ উন্নয়নৰ কথা কয়, কিন্তু আমাৰ জীৱন-জীৱিকাৰ মূল আধাৰ চাহ বাগিচাৰ মাটিখিনি যেতিয়া দালাল-উদ্যোগপ্ৰতিয়ে গিলি খাইছে, তেতিয়া প্ৰশাসন কুম্ভকৰ্ণৰ নিদ্ৰাত মগন হৈ আছে বুলি ক্ষোভ প্ৰকাশ কৰে।প্ৰতিবাদস্থলীত উপস্থিত থাকি খাৰজান চাহ বাগিচা আৰু দক্ষিণ জালান নগৰ চাহ বাগিচাৰ মাফিয়াৰাজৰ লগতে ডিব্ৰুগড় জিলাৰ ১১খন বাগিচাৰ কথা উল্লেখ কৰি চৰকাৰ, প্ৰশাসন আৰু পুঁজিপতি শক্তিক তীব্ৰ সমালোচনা কৰে আটছাৰ কেন্দ্ৰীয় উপ সভাপতি লাজাৰ নন্দই।সংবাদ মাধ্যমৰ আগত ছাত্ৰ নেতাগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে খাৰজান চাহ বাগিচাৰ চাহম্যাদী প্ৰায় ২০০ বিঘা ভূমিত চাহ গছ উচ্ছেদ কৰি অন্য উদ্যোগ নিৰ্মাণ কৰা কাৰ্য আৰু দক্ষিণ জালান নগৰ চাহ বাগিচাত জিলা প্ৰশাসনৰ স্পষ্ট নিষেধাজ্ঞা থকাৰ পাছতো দিন-দুপৰতে শ শ চাহ গছ আৰু শিৰীষ গছ কাটি ধ্বংস কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰে।আটছাৰ নেতাজনে জিলাখনৰ আন কেইবাখনো চাহ বাগিচাৰ মাটি কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰি পুনৰ কয় যে ত্ৰিবেণী চাহ বাগিচাৰ ৩৩০ বিঘা ভূমি দালালক গতাই দিয়া, বিজলিবাৰী চাহ বাগানৰ মাটি মালিক বালন মোহন আগৰৱালাই দালালৰ সৈতে মিলি কোটি কোটি টকাৰ ভূমি বিক্ৰী কৰা, ঘোগ্ৰাজানৰ মালিক বিকাশ চৌখানীৰ বেআইনী মাটি বিক্ৰী, বকুল বাগানৰ শ শ বিঘা ভূমিৰ বেদখল, আৰু সৌৰভ চাহ বাগিচাৰ ভূমি খণ্ড-খণ্ডকৈ বিক্ৰী কৰা আদি প্ৰতিটো বিষয়ৰ এক উচ্চ পৰ্যায়ৰ জৰুৰী তদন্ত দাবী কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত আটছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ আৰু সম্পাদক চনু উৰাঙৰ স্বাক্ষৰিত এক বিতং স্মাৰকপত্ৰ জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা হয়। উক্ত স্মাৰকপত্ৰখনত আটছাই খাৰজান চাহ বাগিচাৰ চাহম্যাদী ২০০ বিঘা ভূমিত অন্য
উদ্যোগ বা বাণিজ্যিক প্ৰতিষ্ঠান নিৰ্মাণৰ চলি থকা প্ৰক্ৰিয়া শীঘ্ৰে বন্ধ কৰা,দক্ষিণ জালান নগৰ চাহ বাগিচাত প্ৰশাসনৰ স্পষ্ট নিষেধাজ্ঞা থকাৰ স্বত্বেও দিন-দুপৰতে চাহ আৰু শিৰীষ গছ কাটি মাটি খণ্ড-খণ্ডকৈ বিক্ৰী কৰা কাৰ্য জৰুৰীভাৱে বন্ধ কৰাৰ লগতে চাহম্যাদী মাটিত ‘হোটেল’ আৰু হাস্পতাল নিৰ্মাণৰ প্ৰক্ৰিয়া বন্ধ কৰা, টেঙাখাত ৰাজহ চক্ৰৰ ত্ৰিবেণী চাহ বাগিচাৰ ৩৩০ বিঘা মাটি এজন দালালক গতাই দিয়াৰ পাছত প্ৰায় ৩৩০ বিঘা ভূমিৰ চাহ গছ উচ্ছেদ কৰি কোটি কোটি টকাত বিক্ৰী কৰা কাৰ্য আইনগতভাৱে বন্ধ কৰা, বিজলিবাৰী চাহ বাগিচাৰ এন.এল.আৰ. গ্ৰাণ্টৰ শ-শ বিঘা মাটি ইয়াৰ মালিক বালমোহন আগৰৱালাই দালালৰ সৈতে মিলি বিক্ৰী কৰা কাৰ্য বন্ধ কৰি মাটিৰ দালালক কৰায়ত্ত কৰা, ঘোগ্ৰাজান চাহ বাগিচাৰ মালিক বিকাশ চৌখানীয়ে চাহ কাৰখানাৰ লগতে বাগিচাৰ ভূমি খণ্ড-খণ্ডকৈ অবৈধভাৱে বিক্ৰী কৰি
থকা কাৰ্য প্ৰশাসনে বন্ধ কৰা, হাতীগড় আৰু সৌৰভ চাহ বাগিচাৰ ভূমি খণ্ড-খণ্ডকৈ অবৈধভাৱে কেনেকৈ ক্ৰয়-বিক্ৰয় হৈছে তাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু মাটি বিক্ৰী প্ৰক্ৰিয়া বন্ধ কৰা,বকুল চাহ বাগিচাৰ শ-শ বিঘা চাহম্যাদী ভূমিৰ অবৈধ দখল শীঘ্ৰে উচ্ছেদ কৰক, লেপেটকটাস্হিত সূৰজ চাহ বাগিচাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ ক্ষতিপূৰণৰ ৭০ লাখ টকা আচল মালিকৰ পৰিৱৰ্তে দুজন মাটি মাফিয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা মুকলাই নিয়াৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰক আৰু উক্ত মাফিয়াই হস্তগত কৰা ৭৫ বিঘা ভূমিত পুনৰ চাহ গছ ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰা আদি দাবী স্মাৰকপত্ৰখনত উল্লেখ কৰে।কাৰ্যসূচীত আটছা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক বাবুল চাহু, হেমন্ত কুজুৰ, বিত্ত সম্পাদক সুনীল পাতৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য যথাক্ৰমে অৱন ভূমিজ, বাবুল বাঘোৱাৰ, বিচন মুণ্ডা,মণ্টু উৰাং, আটুৱাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা সুমিত্ৰা উৰাং,জিলা সভানেত্ৰী ৰাখী তাঁতী,সম্পাদিকা নয়নমনি কৰ্মকাৰ আদি বিশিষ্ট নেতৃত্ববৃন্দ উপস্থিত থাকি প্ৰতিবাদী কাৰ্যসূচীক পূৰ্ণ সমৰ্থন যোগায়।