ভাৰত চৰকাৰে বন্ধ কৰি দিছে ১৬ টাকৈ পাকিস্তানী ইউটিউব চেনেল
পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত অধিক তীব্ৰতৰ হৈ পৰিছে সংঘাত । ভাৰতে সিন্ধু জল চুক্তি স্থগিত কৰাৰ পাচত এইবাৰ ডিজিটেলীও আক্ৰমণ আৰম্ভ কৰিছে, যাৰ পৰিণাম স্বৰূপে ভাৰত চৰকাৰে বন্ধ কৰি দিছে ১৬ টাকৈ পাকিস্তানী ইউটিউব চেনেল ৷দেশখনৰ আগশাৰীৰ সংবাদপত্ৰ ডন নিউজৰ লগতে ছামা টিভি, এ আৰ ৱাই নিউজ, ব’ল নিউজ, জিঅ’ নিউজ আৰু জি এন এন ইউটিউবচেনেলকেইটা ভাৰতীয় সেনা আৰু অন্যান্য নিৰাপত্তা সংস্থাৰ বিৰুদ্ধে উত্তেজক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু, ভুল তথ্য আৰু বিভ্ৰান্তিকৰ আখ্যান প্ৰচাৰ কৰাৰ বাবে সোমবাৰে নিষেধাজ্ঞা আৰোপ কৰিছে বুলি ভাৰত চৰকাৰে জনায় ।যদি কোনো লোকে এই ইউটিউব চেনেলবোৰ চাবলৈ বিচাৰে অথবা লিংক খুলিবলৈ বিচাৰে তেন্তে তেওঁলোকে এইদৰে দেখিবলৈ পাব, “ৰাষ্ট্ৰীয় নিৰাপত্তা বা ৰাজহুৱা শৃংখলাৰ সৈতে জড়িত চৰকাৰী আদেশৰ বাবে এই বিষয়বস্তু বৰ্তমান এই দেশত উপলব্ধ নহয় ।