...

তেজপুৰৰ প্ৰাক্তন সাংসদ- অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰয়াত মণি কুমাৰ চুব্বাৰ প্ৰতিমূৰ্তি উন্মোচন

তেজপুৰৰ প্ৰাক্তন সাংসদ- অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন সভাপতি

প্ৰয়াত মণি কুমাৰ চুব্বাৰ প্ৰতিমূৰ্তি উন্মোচন

বালিপৰা,১৪ছেপ্তেম্বৰ:

শোণিতপুৰৰ খনামুখৰ গোৰ্খা চ’কত গোৰ্খা উন্নয়ন পৰিষদৰ অৰ্থ সাহায্যত নিৰ্মাণ হোৱা তথা তেজপুৰৰ প্ৰাক্তন সাংসদ, অসম গোৰ্খা সন্মিলনৰ প্ৰাক্তন সভাপতি, জনপ্ৰিয় গোৰ্খা নেতা প্ৰয়াত মণি কুমাৰ চুব্বাদেৱৰ এটা বিশালকায় প্ৰতিমূৰ্তি আজি শুভ উদ্বোধন কৰে গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাঙে।মূৰ্তি উন্মোচন অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে কলাশ্ৰী বিনোদ খনালে।তাৰ পিছতে অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিষ্ণু শাস্ত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে মোহন উপাধ্যায়ে।একেদৰে, ৰঙাজান গাঁও পঞ্চায়তৰ অৰ্থ সাহায্যত নিৰ্মিত গোৰ্খা চ’ক ৰংগমঞ্চটো শুভ উদ্বোধন কৰে শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী মণীষা উপাধ্যায়ে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাৰ সভাপতি ড০ চিন্তামণি শৰ্মা, সমাজসেৱক হিৰণ্য ভূঞা, কলাশ্ৰী বিনোদ খনাল, মণি কুমাৰ চুব্বাৰ পত্নী জ্যোতি চুব্বা, সাহিত্যিক ছত্ৰমান চুব্বাৰ লগতে গোৰ্খাসকলৰ বিভিন্ন জাতীয় দল-সংগঠনৰ বিষয়ববীয়া, ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *