অৱসৰ প্রাপ্ত শিক্ষয়ত্রী,ধৰ্ম্মপ্ৰাণ মহিলা লীলাৱতী গগৈ দেউৰীৰ মৃত্যু
চাইন অন ডেস্ক,১২ছেপ্তেম্বৰ:
ডিব্ৰুগড়ৰ আমোলাপট্টীৰ ৬ নং নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰ প্রাপ্ত শিক্ষয়ত্রী,ধৰ্ম্মপ্ৰাণ মহিলা লীলাৱতী গগৈ দেউৰীৰ(৮০) কালি ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ নিজ বাসগৃত মৃত্যু হয়।কিছু সময় ধৰি চেন্নাইত চিকিৎসাধীন অৱস্থাত থকাত বিশেষ আৰোগ্য লাভ নকৰাত স্বগৃহলৈ ঘূৰি আহে শিক্ষয়িত্ৰী গৰাকী আৰু শেষত কালি বিয়লি পৰলোক ঘটে।প্ৰাক্তন বিদ্যালয় সমূহৰ
পৰিদৰ্শক তথা প্ৰয়াত ভানুৰাম দেউৰীৰ পত্নী লীলাৱতী দেউৰী বৰ অমায়িক,নম্ৰ স্বভাৱৰ আৰু সাদৰী লোক আছিল।শিক্ষকতা জীৱনত সকলো ছাত্ৰ-ছাত্ৰীৰ সতে অতি নম্ৰতাৰে পাঠদান কৰিছিল।শিক্ষকতা জীৱনৰ পৰা ২০০৪ চনৰ ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰা লীলাৱতী,ডিব্ৰুগড়ৰ টিংখাং সমষ্টিৰ লেঙেৰী টকৌয়নীত ১৯৪৬ চনৰ ১ মে’ত জন্ম গ্ৰহণ কৰিছিল।আনহাতে প্ৰয়াত শিক্ষয়িত্ৰী গৰাকীয়ে, ২০২৫ চনত বৰবৰুৱা প্রাথমিক শিক্ষা বিষয়াৰ পৰা কৃতী শিক্ষয়ত্রীৰ সন্মান লাভ কৰিছিল।মৃত্যুৰ সময়ত তিনি পুত্ৰ,জীয়ৰী আৰু বোৱাৰীসহ নাতি-নাতিনী আৰু অনেক আত্মীয় স্বজনক এৰি থৈ যায়।কালি নিশা ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ ৰাজহুৱা শ্মশানত অনেক গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।