...

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সুধাকণ্ঠক স্মৰণ

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সুধাকণ্ঠক স্মৰণ

ড০ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিক আৰু আদর্শ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সমাজৰ দায়িত্ব আছে – মনজিৎ বৰা

চাইন অন ডেস্ক,৯ছেপ্টেম্বৰঃ

ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মজয়ন্তীৰ শতবর্ষ উপলক্ষে ডিব্রুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সমূহ শাখা সাহিত্য সভাৰ সহযোগত শিল্পী গৰাকীক স্মৰণ কৰা হয়। ডিব্রুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত ডিব্রুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণেৰে সুধা কণ্ঠগৰাকীৰ শ্রদ্ধা জনোৱা হয়। ডিব্রুগড় জিলা সাহিত্য সভাৰ সম্পাদক ভাগ্যেশ্বৰ গগৈয়ে আঁতধৰা আৰু দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানত পুৱা গছপুলি ৰোপণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন কার্যনির্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়া আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক লবণু শইকীয়াই। অসমৰ সাহিত্য- সাংস্কৃতিক সমাজ জীৱনৰ মহীৰূপ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সকলো শাখা সাহিত্য সভাৰ সহযোগত ৮ ছেপ্টেম্বৰৰ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা পিছতে পুৱা কার্যালয়লৈ যোৱা নবনির্মিত পথটোৰ মাংগলিক ধ্বনিৰে উন্মোচন কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে। সমান্তৰালভাবে, কার্যালয় চৌহদত এক দীর্ঘদিনীয়া অভাৱ দূৰ কৰি এক বিশুদ্ধ খোৱাপানী যোগান ব্যৱস্থাৰো শুভ উন্মোচন কৰে জিলাৰ সম্পাদক ভাগ্যেশ্বৰ গগৈয়ে আৰু ডিব্রুগড় জিলা সাহিত্য সভাৰ সভাপতি -সম্পাদকৰ নামফলক আনুষ্ঠানিকভাবে মুকলি কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উপ-সভাপতি প্রশান্ত নেওগে। আজিৰ এই বিশেষ দিনটো ডিব্রুগড় সাহিত্য সভাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক উল্লেখনীয় দিন হিচাপে পৰিগণিত হৈছে আৰু সাহিত্য সভাৰ বৌদ্ধিক চৰ্চা আৰু ভাষণ প্ৰদানৰ বাবে এটি নতুন প’ডিয়াম আনুষ্ঠানিকভাবে মুকলি কৰে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহঃ সম্পাদক অজিত বুঢ়াগোহাঁইয়ে এই পবিত্র দিনটোতে নতুন প’ডিয়ামটো আনুষ্ঠানিকভাবে উন্মোচন কৰি সাহিত্যপ্রেমী ৰাইজৰ নামত উৎসৰ্গা কৰা লগতে প’ডিয়ামৰ দাতা লবণু শইকীয়াক শলাগ জ্ঞাপন কৰে। অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ গীতে-মাতে জীপাল হৈ উঠে সাহিত্য সভাৰ প্ৰাঙ্গণ। মুকলি সভাত সভাপতিত্ব কৰে ডিব্রুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে। উদ্বোধন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য নোমল চন্দ্ৰ গগৈয়ে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক ভাগ্যেশ্বৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ শিক্ষা উপ-সমিতিৰ সদস্য তথা ‘অসম আদিত্য’ কাকতৰ সম্পাদক আৰু বৃহত্তৰ ডিব্ৰুগড় প্লেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিক আৰু আদর্শ নতুন প্ৰজন্মৰ মাজলৈ অধিক ব্যাপকভাবে লৈ যোৱাৰ ক্ষেত্ৰত সমাজৰ দায়িত্বৰ বিষয়ে কয়। বৰাই কয় যে, ভূপেন হাজৰিকা কোনো ৰজাঘৰৰ শিল্পী নাছিল, তেওঁ আছিল ৰাইজৰ শিল্পী, তেওঁৰ গীত আৰু সৃষ্টিত প্রতিফলিত মানবতাবাদী, জাতীয়তাবাদী তথা সামাজিক চেতনাক নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়াটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে, সুধাকণ্ঠৰ গীতৰ যিদৰে ৰাজ্যজুৰি নতুন প্ৰজন্মৰ মাজত চৰ্চা হ’ব লাগিছিল, সেই ধৰণৰ ব্যাপক সামাজিক উদ্যোগ এতিয়াও অধিক প্রয়োজন। কেবল মাত্ৰ জন্মজয়ন্তী বা মৃত্যু দিৱস স্মৰণ কৰাত সীমাবদ্ধ নাথাকি তেওঁৰ সৃষ্টিৰাজি আৰু চিন্তাধাৰাক নিয়মীয়াকৈ চৰ্চা কৰাৰ আহ্বান জনায়। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা অসম আইটিআইৰ সঞ্চালক গৌতম দাসে সুধাকণ্ঠৰ গীত, সাহিত্য আৰু সমাজ-মানৱতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা স্মৰণ কৰে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয় সম্পাদক প্রশান্ত শইকীয়াই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে শিল্পীঃ বতন গগৈ, জিমী জিজ্ঞাসা বৰুৱা আৰু ইলাবন্তী গগৈৰ লগতে ড০ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য কৰে শিল্পী সঞ্জনা বৰদলৈয়ে আৰু কবিতা আবৃত্তি কৰে মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়া, তৰুণ জ্যোতি ফুকন আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহঃসম্পাদক মীনাক্ষী দাস বৰুৱাই। সভাত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থকা অনুষ্ঠানত শলাগ জ্ঞাপন কৰে সহঃসম্পাদক লবণু শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *