য়নেক্স চানৰাইজ আন্তঃ জিলা বেডমিণ্টন চেম্পিয়নশ্বিপ
দলীয় শাখাত কামৰূপ চেম্পিয়ন
চাইন অন ডেস্ক,২৯ আগষ্ট:
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত চলি থকা য়নেক্স চানৰাইজ আন্তঃ জিলা বেডমিণ্টন চেম্পিয়নশ্বিপত দলীয় শাখাত কামৰূপ চেম্পিয়ন হয়। জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত ২৮ আগষ্টৰ নিশা অনুষ্ঠিত দলীয় শাখাৰ ফাইনেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কামৰূপ দলে ডিব্ৰুগড় দলক ৩-২ ছেটত পৰাস্ত কৰে। ফাইনেলৰ প্ৰথমখন পুৰুষৰ ছিংগলছ খেলত কামৰূপৰ তন্ময় বৰুৱাই ডিব্ৰুগড়ৰ ৰোহিত গগৈক ১৫-১৩, ১৫-৪ পইণ্টত পৰাস্ত কৰে। মহিলাৰ ছিংগলছত কামৰূপৰ ময়ুৰী বৰ্মনে ডিব্ৰুগড়ৰ সুচিস্মিতা চক্ৰৱৰ্তীক ১৫-৬, ১৫-১১ পইণ্টত পৰাস্ত কৰে। লৰাৰ ছিংগলছত ডিব্ৰুগড়ৰ আছফৰ 
