...

বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও ৰাইজৰ নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উত্তাল

বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও ৰাইজৰ

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উত্তাল

আগমনি,২৫আগষ্ট:

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত আজি আগমনি বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী বিষখোৱা তৃতীয় খণ্ড আৰু কানুৰী দ্বিতীয় খণ্ডত দীৰ্ঘদিন ধৰি চলি থকা বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে ৰাইজ। ৰাইজৰ অভিযোগ মতে, প্ৰচণ্ড গৰমৰ দিনত দিনে-নিশাই মাত্ৰ ৪/৫ ঘণ্টাহে বিদ্যুৎ যোগান ধৰে আগমনি বিদ্যুৎ উপ সংমণ্ডলৰ পৰা। যাৰ ফলত সীমান্ত অঞ্চলৰ জনজীৱন ব্যাহত হৈ পৰিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে।অৱশেষত আজি বিষখোৱা আৰু কানুৰীৰ প্ৰায় দুই শতাধিক ৰাইজে একগোট হৈ আগমনি বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। “মিটাৰ আছে বিদ্যুৎ নাই, বিল আহে বিদ্যুৎ নাই, বিদ্যুৎ বিভাগ হায় হায়” আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। পিছত ঘটনাস্থলীত আগমনি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে আগমনি বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়াই উপস্থিত ৰাইজক শীঘ্ৰে নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰাতহে পৰিস্থিতি শান্ত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *