ডিব্ৰুগড় জিলা সাহিত্য সভাৰ বদ্ধিৰ্ত পূৰ্ণাঙ্গ কার্যনির্বাহক সভা সম্পন্ন
চাইন অন ডেস্ক,২৩আগষ্ট:
ডিব্ৰুগড় মহানগৰৰ চৌকিডিঙ্গীস্থিত ডিব্রুগড় জিলা সাহিত্য সভাৰ কাৰ্যালয়ত কালি জিলা সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ বদ্ধিত পূর্ণাংগ কার্যনির্বাহক সভা অনুষ্ঠিত হয়। বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হোৱা সভাত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ উপৰি বিশেষভাৱে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান আৰু অসমৰ প্ৰাণৰ শিল্পী, বিশ্ববিশ্রুত গায়ক জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবার্ষিকী পালনৰ সবিশেষ কার্যসূচী সম্পর্কে বিতংভারে আলোচনা কৰা হয়। ডিব্রুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক ভাগ্যেশ্বৰ গগৈয়ে। সভাৰ জিলা উপ-সভাপতি প্ৰশান্ত নেওগ,জিলা প্ৰাক্তন সম্পাদক পৰমেশ্বৰ নলবৰীয়া, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নোমল চন্দ্ৰ গগৈ, সহকাৰী সম্পাদক অজিত বঢ়াগোঁহাই,লৱণু শইকীয়াকে প্ৰমূখ্য কৰি বহকেইগৰাকী জিলা বিষয়- ববীয়া আৰু শাখা সাহিত্য সভাৰ সভাপতি , সম্পাদক সকল উপস্থিত থকা সভাত আগন্তক ডিব্ৰুগড় জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনখনি টিংখাং শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।আনহাতে উক্ত সভাতে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ডিব্ৰুগড়ৰ কাৰ্যালয় সম্পাদক হিচাপে প্ৰশান্ত শইকীয়াক দায়িত্ব অৰ্পণ কৰা হয়।