চিলাৰায় মহাবিদ্যালয়ত নাটক আৰু সমাজ কৰ্মশালা আৰু আলোচনাচক্ৰ
ধুবুৰী,২১আগষ্ট:
ধুবুৰী জিলাৰ চিলাৰায় মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC) আৰু নৃগোষ্ঠীয় অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ (CESR)-ৰ উদ্যোগত আৰু গোলকগঞ্জৰ শিল্পী সমাজৰ সহযোগত ১৯ আৰু ২০ আগষ্ট ২০২৬ ইং তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাৰতীয় সামাজিক বিজ্ঞান অনুসন্ধান পৰিষদৰ(ICSSR)-ৰ অৰ্থসাহায্যত ‘নাটক আৰু সমাজ: সমসাময়িক দৃষ্টিভংগীৰে ভাৰতীয় পৰম্পৰা, পৰিবেশন আৰু পৰিচয়’ শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত হয়। ১৯ আগষ্ট তাৰিখে ৰাতিপুৱা বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ নিতাই চন্দ্ৰ ৰায়, মহাবিদ্যালয় প্ৰতিষ্ঠাপক সভাপতি ভূৱন চন্দ্ৰ প্ৰধানীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চিলাৰায় মহাবিদ্যালয়ৰ উপাধ্যক্ষ কেৰামত আলী শেখে আৰু শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে চৰকাৰী মডেল কলেজ, মাজেৰ আলগাৰ বিদ্যায়তনিক সমন্বয়ক ড০ ধীৰেন চন্দ্ৰ বৰ্মনে। বন্তি প্ৰজ্বলনৰে উদ্বোধনী অনুষ্ঠানৰ শুভাৰম্ভ কৰে কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দ্বিজেন্দ্ৰ নাথ ভকতে। গোলকগঞ্জ শিল্পী সমাজ আৰু চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰীসকলে উদ্বোধনী সংগীত পৰিৱেশন কৰাৰ পাছত চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ নিতাই চন্দ্ৰ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰে। বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড০ তৰনী ডেকাই আলোচনচক্ৰৰ বীজ ভাষণ প্ৰদান কৰি মনোৰঞ্জনৰ উপৰিও নাটকৰ যোগেদি সমাজ এখন কেনেদৰে প্ৰতিফলিত হয় সেই সম্পৰ্কে বিশদ আলোচনা আগবঢ়ায়। ভোলানাথ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° ধ্ৰুৱ চক্ৰৱৰ্তীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আলোচনাচক্ৰৰ সৈতে সংহতি ৰাখি প্ৰকাশ কৰা সংক্ষিপ্ত-সাৰ উন্মোচন কৰে। আনহাতে বিশিষ্ট নাট্যকাৰ , অশোকনগৰ নাট্যমুখৰ সঞ্চালক অভি চক্ৰৱৰ্তীয়ে লোকনাট্য, থিয়েটাৰ আৰু সমাজৰ মাজৰ সম্পৰ্কৰ লগতে পৰম্পৰা, পৰিচয় আৰু সমকালীন পৰিপ্ৰেক্ষিতত থিয়েটাৰৰ ভূমিকা সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ইয়াৰ পাছত “নাটক আৰু সমাজ’ বিষয়ক কৰ্মশালাৰ মঞ্চ উদ্বোধন কৰে ড° ধ্ৰুৱ চক্ৰৱৰ্তীয়ে । এই আলোচনাচক্ৰত কলিকতাৰ অশোকনগৰ নাট্যমুখ গোষ্ঠীৰ সঞ্চালক অভি চক্ৰৱৰ্তীৰ তত্ত্বাৱধানত অহা বাৰজন নাট্যকৰ্মীয়ে নাটক আৰু সমাজ বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰে। এই কৰ্মশালাত চিলাৰায় মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আলোচনাচক্ৰৰ পূৰ্ণাঙ্গ সত্ৰ
অনলাইনযোগে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ সুব্ৰতজ্যোতি নেওগ, NEHU ৰ তুৰা চৌহদৰ সহযোগী অধ্যাপিকা ড০ নম্ৰতা পাঠক আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড০ নিতু চহৰীয়াই মূল বিষয়ৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা আগবঢ়ায়। চিলাৰায় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড০ প্ৰতিমা নিয়োগী আৰু প্ৰাক্তন অধ্যক্ষা হেমলতা কাকতিৰ সঞ্চালনাত গোলোকগঞ্জ অঞ্চলৰ নাট্য চৰ্চা আৰু শীবেশ চন্দ্ৰ প্ৰধানীৰ ভূমিকা বিষয়ক এক বিশেষ সত্ৰ অনুষ্ঠিত হয়। এই সত্ৰত নগেন ৰায়, ড০ দ্বিজেন্দ্ৰ নাথ ভকত, সুভাষ চন্দ্ৰ ৰায় আৰু মিনাক্ষী ডাকুৱাই বহুমূলীয়া গৱেষণা পত্ৰ পাঠ কৰে। আবেলি ২.৩০ বজাৰ পৰা তিনিটা সত্ৰত অনলাইনযোগে গৱেষণা পত্ৰ পাঠ কৰা হয়।
২০ আগষ্ট তাৰিখে ৰাতিপুৱা দহ বজাৰ পৰা সমান্তৰালভাবে দুটা সত্ৰ অনুষ্ঠিত হয়। দুপৰীয়া বাৰ বজাত চিলাৰায় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিশুৰ উপযোগী‘এই বিশ্বকে শিশুৰ বাসযোগ্য কৰে যাব আমি’ শীৰ্ষক নাটক মঞ্চস্থ কৰে। গধুলি ড০ সহোনলাল আগৰৱালা আৰু দেৱ প্ৰসাদ সিংহই বন্তি প্ৰজ্বলন কৰাৰ পিছত ড০ সন্তোষ সৰকাৰে মঞ্চ উদ্বোধন কৰাৰ পিছত অশোকনগৰ নাট্যমুখৰ তৰফৰ পৰা অভি চক্ৰৱৰ্তী ৰচনা আৰু সঞ্চালনাত ‘ভাৰতবৰ্ষ’ আৰু বাদল সৰকাৰ ৰচিত আৰু অভি চক্ৰৱৰ্তীয়ে সঞ্চালনা কৰা ‘ৰূপকথাৰ কেলেঙ্কাৰী’ নাটকদুখন মঞ্চস্থ কৰা হয়। শেষত চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ নিতাই চন্দ্ৰ ৰায়ে প্ৰমাণ পত্ৰ বিতৰণ কৰে।