...

বানাক্ৰান্ত মহিলাই ক্ষোভেৰে চিঞৰিলে,-চৰকাৰে আমাক গৰু-গাহৰিৰ দৰে ব্যৱহাৰ কৰিছে কিয় ?

বানাক্ৰান্ত মহিলাই ক্ষোভেৰে চিঞৰিলে,-চৰকাৰে আমাক গৰু-গাহৰিৰ দৰে ব্যৱহাৰ কৰিছে কিয় ?

ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ প্ৰতিনিধি দলৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন

চাইন অন ডেস্ক,১৬আগষ্ট:

আমিওতো মানুহ। বানপানীত আমাৰ সকলো গ’ল। হাঁহ-কুকুৰা, গৰু-ছাগলী, ঘৰ-দুৱাৰ চব শেষ। কেৱল আমিকেইটা কোনোমতে বাচিলোঁ। ইমানৰ পিছতো চৰকাৰে আমাক কিয় গৰু-গাহৰিৰ দৰে ব্যৱহাৰ কৰিছে? ৰেচনৰ বস্তুকেইটা দিলেইতো সকলো নহয়। এতিয়া আমি ক’ত আছোঁ, কেনেকৈ আছোঁ, কেনেকৈ খাইছোঁ তাৰ কিয় খবৰ কৰা নাই চৰকাৰে? পানী শুকুৱাৰ আজি এমাহেই হ’বৰ হ’ল, কিন্তু তথাপিও আমি ল’ৰাই-ছোৱালীয়ে তেতিয়াৰ পৰাই আলিৰ ওপৰতে দিন কটাবলগীয়া হৈছে। চৰকাৰে কি আমাক আশ্ৰয় শিবিৰত ৰাখিব নোৱাৰে?– ৰাজপথতে তম্বু তৰি দিন কটোৱা নেপালি খুটিৰ এগৰাকী বানাক্ৰান্ত মহিলাই অতি খং আৰু ক্ষোভত চিঞৰি-চিঞৰি আমাৰ আগতে এনেদৰে ব্যক্ত কৰিলে। যোৱা ১৫ আগষ্টৰ দেশৰ স্বাধীনতা দিৱসৰ দিনা দেশজুৰি যি সময়ত জনগণে চিঞৰিছিল বন্দে মাতৰম আৰু ভাৰত মাতা কি জয়, ঠিক সেই পুৱা ভাগৰ পতাকা উত্তোলনৰ সময়তে বানাক্ৰান্তই ৰাজপথতে চিঞৰি চিঞৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলগীয়া হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক।– সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে চৰাইদেউ জিলাৰ ম’হখুটি নতুন গাঁৱলৈ বানাক্ৰান্ত অঞ্চলৰ শেহতীয়া বুজ ল’বলৈ যোৱা ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়াই।
বানাক্ৰান্ত অঞ্চলৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা জিলা নাগৰিক সন্মিলনৰ প্ৰতিনিধি দলটোৱে কেৱল ম’হখুটিৰ নতুন গাঁৱেই নহয়, ওচৰৰ চূণপোৰা,নেপালি খুটিৰ মাজ গাঁও, চিলনী গাঁৱলৈকো গৈ দেখিলে যে, এতিয়া তাত বানপানী নাই ঠিকেই, কিন্তু তাৰ সলনি সেই ঠাইত পৰি আছে পথাৰে-সমাৰে, বাৰীয়ে-ঘৰে কেৱল পলস আৰু পলস আৰু আৰু বানত উটি অহা ডাঙৰ ডাঙৰ গছ আৰু বাঁহৰ দম। কাঠ-বাঁহেৰে সৃষ্টি হৈ আছে সৰু সৰু একো একোটা যেন পাহাৰ। ঘৰ বুলিবলৈ প্ৰায় নাই বুলিয়েই ক’ব পাৰি। এতিয়াও দেখা গৈছে নাতি দূৰৈত থকা পকী ৰাস্তাৰ দুয়োকাষে সৰু সৰু তম্বু তৰি বসবাস কৰি থকা একো একোটা পৰিয়ালক। প্ৰশ্ন হৈছে,- বান শুকুৱাৰ মাহচেৰেক হোৱাৰ পিছতো দুৰ্ভগীয়া মানুহবোৰ কিয় এনেকৈ থাকিবলগীয়া হৈছে? এওঁলোকৰ ঘৰ-বাৰী,ভেটি-মাটিৰ চিনচাবেই নোহোৱা হ’ল। এতিয়া এই মানুহখিনি থাকিব ক’ত? এওঁলোকৰ পুনঃসংস্থাপন নোহোৱালৈকে চৰকাৰে কি সাহাৰ্য শিৱিৰত ৰাখিব নোৱাৰে? চৰকাৰে কি সেই নুন্যতম দায়িত্বখিনিও পালন কৰিবলৈ অক্ষম? এই মানুহখিনিক সঁচাকৈ কিয় গৰু-গাহৰিৰ দৰে ব্যৱহাৰ কৰিছে?– সংবাদ মাধ্যম যোগে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদক যথাক্ৰমে শৰৎ চন্দ্ৰ নেওগ আৰু উত্তম কুমাৰ চেতিয়াই।
নাগৰিক সন্মিলনৰ প্ৰতিনিধি দলটোৱে প্ৰত্যক্ষ কৰে যে, কেওকিখন গাঁৱত বিভিন্ন অঞ্চলৰ পৰা অহা স্বেচ্ছাসেৱী সংগঠন সমূহে বিভিন্ন শ্ৰমদানেৰে ঘৰ সজা,পলস চফা কৰা বাঁহ-কাঠৰ দম সমূহ আঁতৰোৱা আদিৰ কামত আত্মনিয়োগ কৰিছে। আনকি ৰাজ্যৰ বাহিৰৰ স্বেচ্ছাসেৱী একাধিক সংগঠনেও বান ক্ষতিগ্ৰস্ত লোকক ভাগে-ভাগে সহায় কৰিছেহি। একেদৰে একো একোটা ঘৰ নিৰ্মাণ কৰি দিয়া দেখা গ’ল বহিঃৰাজ্যৰ গ্লবেল শিখ নামৰ শিখ সংগঠন এটাৰ কৰ্মী সকলক। বলিউডৰ অভিনেতা ছলমান খানৰ বিইং হিউমেন নামৰ সংগঠন এটাৰ স্বেচ্ছাসেৱক সকলেও পূৰ্ণ উদ্যমেৰে একেদৰে কামত লাগি থকা দেখা গ’ল। অতি দুখ আৰু পৰিতাপৰ কথা এয়ে যে, এনে কাৰ্যত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো উদ্যোগ গ্ৰহণ কৰা দেখা নগ’ল।
জিলা নাগৰিক সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয়ে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত সংবাদ মাধ্যম যোগে দাবী জনায় যে, বানপানী আৰম্ভ হোৱাৰ পৰা এসপ্তাহ-দহ দিন ধৰি চৰকাৰৰ কোনো অস্তিত্বই নাছিল যদিও,তাৰ পিছৰ উদ্ধাৰ কাৰ্যত যেনেদৰে এন দি আৰ এফৰ, সেনাবাহিনী এই গাঁওসমূহত জপিয়াই পৰিব লাগিছিল,তেন্তেতো কৰা নহ’লেই, এতিয়া অন্ততঃ আলিয়ে-পদূলীয়ে, অতি যন্ত্ৰনাকাতৰ ভাবে তম্বু তৰি গৰু-গাহৰিৰ দৰে জীয়াই থকা মানুহখিনিক আশ্ৰয় শিবিৰত থকাৰ ব্যৱস্থা কৰি দিয়ক।

Leave a Reply

Your email address will not be published. Required fields are marked *