মনজিৎ বৰা সভাপতি, ৰাতুল বুঢ়াগোহাঁই সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভা
ডিব্ৰুগড়ৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যথেষ্ট প্ৰাসংগিকতা আছেঃ প্ৰশান্ত ফুকন
টমাছ বুঢ়াগোহাঁইলৈ শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা
চাইন অন ডেস্ক,১৪আগষ্টঃ

এই ক্ষেত্ৰত বাতৰি কোনে সোনকালে প্ৰচাৰ কৰিব পাৰে, সেই প্ৰতিযোগিতাতকৈ বাতৰিৰ সত্যাসত্য নিৰূপণ কৰি কোনে অধিক নিৰ্ভুল আৰু সম্পূৰ্ণ ৰূপত ৰাইজৰ সন্মুখত উপস্থাপন কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত। আগন্তুক দিনত ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াই যাবলৈ তেওঁ আহ্বান জনায়।
আজি ডিব্ৰুগড় সাহিত্য সভাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ বাৰ্ষিক সাধাৰণ সভাত এই মন্তব্য কৰে ডিব্ৰুগড়ৰ বিধায়ক তথা ডিব্ৰুগড় দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰশান্ত ফুকনে।
ক্লাবৰ সভাপতি তথা অসম আদিত্যৰ সম্পাদক মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত আদৰণী ভাষণ প্ৰদান কৰে উপ-সভাপতি বিভাস দুৱৰাই। সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা সভাৰ আৰম্ভণিতে উপস্থিত অতিথি আৰু বিষয়ববীয়াসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।


সভাত বিধায়ক প্ৰশান্ত ফুকনক ফুলাম গামোচা,নিম পুলি আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়।

ইফালে, মনজিৎ বৰাক সভাপতি, ৰাতুল বুঢ়াগোহাঁইক সাধাৰণ সম্পাদক, বিভাস দুৱৰাক কাৰ্যকৰী সভাপতি আৰু যাদৱ গগৈ তথা বাবুল সোণোৱালক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

আনহাতে, প্ৰশান্ত শইকীয়া, ইফতিকাৰ হুছেইন, জগদীশ ভৰালী, জিতু দাস, ডেভিদ বুঢ়াগোহাঁই, সুতীৰ্থ মাধৱ দত্ত, শান্তনু গগৈ আৰু মুন্না ঘাটোৱালক কাৰ্যবাহী সদস্য হিচাপে নিৰ্বাচিত কৰা হয়।
সভাত ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়া সমস্যাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি ইয়াৰ বিজ্ঞানসন্মত অধ্যয়নৰ জৰিয়তে স্থায়ী সমাধানৰ দাবীত সংশ্লিষ্ট কৰ্তৃপক্ষক স্মাৰক-পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগ উন্নীতকৰণ, ডিব্ৰুগড় মহানগৰত দ্বৈত পথৰ ব্যৱস্থা, পৰ্যাপ্ত ষ্ট্ৰীট লাইট স্থাপন আৰু অত্যাধুনিক কাৰ পাৰ্কিং নিৰ্মাণৰ ক্ষেত্ৰতো সংশ্লিষ্ট বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ইয়াৰ পূৰ্বে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি মনজিৎ বৰাই। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপ-সভাপতি বিভাস দুৱৰাই আৰু স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে। ইয়াৰ উপৰি বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

মহাত্মা গান্ধীৰ আদৰ্শৰে সাংবাদিকসকলৰ হাতত থকা অপৰিসীম শক্তিক আত্মসংযম আৰু বিবেচনাৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। সত্যৰ সৈতে সংবেদনশীলতাৰ ভাৰসাম্য ৰক্ষা কৰি সমাজৰ হিত সাধনক সাংবাদিকতাৰ মূল লক্ষ্য হিচাপে গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়।
মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে উদ্বোধনী ভাষণ প্ৰদান কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই আদৰণী ভাষণ প্ৰদান কৰাৰ বিপৰীতে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই বক্তব্য আগবঢ়ায়।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে এনডি২৪ৰ ডিব্ৰুগড় জিলা ব্যুৰ’ৰ যুৱ সাংবাদিক টমাছ বুঢ়াগোহাঁইক ‘শিক্ষাবিদ অশোক কুমাৰ বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা–২০২৬’ প্ৰদান কৰা হয়। বঁটাত প্ৰশস্তি-পত্ৰ, জাপি, ফুলাম গামোচা, স্মাৰক, নগদ ধন আৰু চেলেং প্ৰদান কৰা হয়।
বঁটা গ্ৰহণ কৰি টমাছ বুঢ়াগোহাঁইয়ে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে তেওঁক এই সন্মানৰ বাবে নিৰ্বাচিত কৰাত কৃতজ্ঞতা জ্ঞাপন কৰে। এই স্বীকৃতিয়ে তেওঁক আগন্তুক দিনত অধিক উৎসাহ আৰু দায়বদ্ধতাৰে সত্যৰ পক্ষত থাকি নিৰ্ভীকভাৱে সমাজ আৰু ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি তেওঁ কয়।

মুকলি সভাত ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উপদেষ্টা ৰাজীৱ বৰগোহাঁই, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, প্ৰাক্তন সভাপতি মনোৰঞ্জন হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক পেইম থি গোঁহাই, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি দেৱজিৎ চুতীয়া আৰু সৌৰভ দুৱৰা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য চন্দন ফুকন, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈ, অসম জাতীয় পৰিষদৰ উপ-সভাপতি ভূপেন ফুকন, সমাজকৰ্মী ভাস্কৰ শইকীয়া, ডিব্ৰুগড় নগৰ গড়াখহনীয়া প্ৰতিৰোধ সমিতিৰ উদয় শংকৰ মহন, জাতি-জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণা ৰঞ্জন গগৈ,অসমজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 
প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে ক্লাবৰ বিত্তীয় সম্পাদক শৈলেশ জৈনৰ পুত্ৰ ঋষভ জৈনে এইবাৰ চাৰ্টাৰ্ড একাউণ্টেন্সি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত তেওঁক বিশেষভাৱে অভিনন্দন জনোৱা হয়। প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ শেষত যাদৱ গগৈয়ে শলাগৰ শৰাই আগবঢ়াই।