...

লাওখোৱাৰ ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া

লাওখোৱাৰ ভূৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া

অস্তিত্বৰ সংকটত লাওখোৱা মৌজা

বিলীন হোৱাৰ আশংকা ঐতিহাসিক গংগা মন্দিৰ!

ৰূপহীহাট,১১আগষ্টঃ

বানপানীৰ সমান্তৰালভাৱে নগাঁও জিলাৰ লাওখোৱা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে। লাওখোৱা মৌজাৰ অন্তৰ্গত ২ নং ভূৰবন্ধাত বিগত কিছুদিন ধৰি চপৰা চপৰে নদীৰ বুকুত জাহ গৈছে বিস্তীৰ্ণ কৃষিভূমি। গৰাখহনীয়াৰ তীব্ৰতা ইমানেই বৃদ্ধি পাইছে যে অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া গভীৰ আতংকৰ সৃষ্টি হৈছে।
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ধাৰ বৃদ্ধি পোৱাৰ লগে লগে নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চকুৰ সন্মুখতে একো একোটা বৃহৎ চপৰা খহি নদীৰ বুকুত বিলীন হৈ পৰাত কৃষকৰ বহু মূল্যৱান কৃষিভূমি ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে। খহনীয়া অব্যাহত থাকিলে আগন্তুক দিনত আৰু অধিক ভূমি নদীৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।
কেৱল কৃষিভূমিয়েই নহয়, গৰাখহনীয়াৰ কৱলত পৰিছে লাওখোৱা মৌজাৰ অস্তিত্বও। বিশেষকৈ ঐতিহাসিক গংগা মন্দিৰটো গৰাখহনীয়াৰ অতি ওচৰলৈ আহি পৰাত মন্দিৰটোৰ ভৱিষ্যৎক লৈও উদ্বিগ্ন হৈ পৰিছে অঞ্চলবাসী। শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ঐতিহাসিক মন্দিৰটোও ব্ৰহ্মপুত্ৰৰ বুকুত চিৰদিনৰ বাবে বিলীন হৈ যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে।স্থানীয় লোকসকলৰ অভিযোগ, বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই অঞ্চলটোত ব্যাপক ক্ষতি কৰি আহিছে যদিও খহনীয়া ৰোধৰ বাবে স্থায়ী আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। প্ৰতিবছৰে বানপানী আৰু গৰাখহনীয়াই

কৃষক তথা সাধাৰণ ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।ইফালে, বৰ্তমানৰ ভয়ংকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক জৰুৰীভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভূৰবন্ধাৰ ৰাইজে।বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি বিজ্ঞানসন্মতভাৱে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত লাওখোৱা মৌজাৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকা ক্ৰমাৎ অধিক ঘনীভূত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *