...

ডিব্ৰুগড় জিলাত‌ শুভাৰম্ভণি ৰাষ্ট্ৰীয় পেলু নিৰ্মূল দিৱস

ডিব্ৰুগড় জিলাত‌ শুভাৰম্ভণি ৰাষ্ট্ৰীয় পেলু নিৰ্মূল দিৱস

কৃমিনাশক সেৱনৰ গুৰুত্ব আৰু সজাগতাৰ বাৰ্তা

চাইন অন ডেস্ক,১১আগষ্ট:

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো কালি ব্যাপক উৎসাহ- উদ্দীপনাৰে ৰাষ্ট্ৰীয় কৃমিনাশক দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান ডিব্ৰুগড় নগৰস্হিত ঐতিহ্যমণ্ডিত ভিক্টোৰিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। এই জনস্বাস্থ্য অভিযানৰ প্ৰধান লক্ষ্য হৈছে ১ ৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশু আৰু কিশোৰ-কিশোৰীক কৃমিমুক্ত কৰি তেওঁলোকৰ শাৰীৰিক বৃদ্ধি, পুষ্টিৰ মানদণ্ড ,শৈক্ষিক প্ৰদৰ্শন উন্নত কৰাৰ‌ লগতে সুস্হ নৱপ্ৰজন্ম সৃষ্টি কৰা । এই কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ নিজ নিজ বিদ্যালয়ত আৰু যিসকল বিদ্যালয়লৈ নাযায় তেনে শিশুসকলক তেওঁলোকৰ ওচৰ অংগনৱাড়ী কেন্দ্ৰত এলবেনডাজল বড়ি সেৱন কৰোৱা হয়। স্বাস্থ্য, শিক্ষা আৰু ICDS বিভাগৰ যুটীয়া প্ৰচেষ্টাত এই কাৰ্যসূচী ডিব্ৰুগড় জিলাৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ সমূহত একেলগে ৰূপায়ণ কৰা হয়।উল্লেখযোগ্য যে, যিসকল শিশু-কিশোৰ- কিশোৰীয়ে ১০ আগষ্টত কিবা কাৰণত বড়ি খোৱাৰ‌ পৰা বাদ পৰিছে, তেওঁলোকক সামৰি লোৱাৰ বাবে আগন্তুক ১৭ আগষ্ট ২০২৬ তাৰিখে NDD ৰ Mop-up Day পালন কৰা হ’ব। সেইদিনা বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰত বাদ পৰা সকলো শিশুকে কৃমিনাশক বড়ি প্ৰদান কৰা হ’ব।
এই জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানত ড° স্মিতা গোহাঁই, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, (মুখ্য কাৰ্যালয়)ডিব্ৰুগড়, ভিক্টোৰিয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন ফুকন, ডিব্ৰুগড় নগৰৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া ইন্দ্ৰাণী বৰঠাকুৰ, মধ্যাহ্ন ভোজন আঁচনি, SSA ৰ MIS ব্যৱস্থাপক সিদ্ধাৰ্থ দাস, জিলা গণ মাধ্যম বিশেষজ্ঞ ডেইজী গগৈ, DEIC ব্যৱস্থাপক হিমাদ্ৰী ফুলকোঁৱৰ, ডিব্ৰুগড় SD ৰ ABPM বসন্ত বৰদলৈ, ডিব্ৰুগড় UPHC ৰ সচিবালয় সহায়ক তথা হিচাপ ৰক্ষক বিষ্ণু ভুছাল, KMA ৰ জিলা কাৰ্যসূচী সমন্বয়ক বিষ্ণু শইকীয়াৰ লগতে বিদ্যালয়খনৰ ছাত্ৰী, শিক্ষয়িত্ৰী আৰু আশা কৰ্মী আৰু এ এন এম সকল উপস্থিত থাকে।

সভাত উপস্থিত বক্তা সকলে কৃমি সংক্ৰমণে শিশুৰ স্বাস্থ্যৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি কয় যে কৃমিয়ে শিশুৰ খাদ্যৰ পুষ্টিগুণ শোষণ কৰি তেজৰ অভাৱ, অপুষ্টি আৰু দুৰ্বলতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত শিশুৰ বৃদ্ধি বাধাগ্ৰস্ত হয় আৰু বিদ্যালয়ত উপস্থিতিৰ লগতে পঢ়া-শুনাত মনোযোগো কমি যায়। গতিকে ছয় মাহৰ মূৰে মূৰে সকলো শিশুকে Albendazole বড়ি সেৱন কৰোৱাটো অতি প্ৰয়োজনীয় বুলি তেওঁলোকে উল্লেখ কৰে। অনুষ্ঠানৰ শেষত অতিথিসকলে ছাত্ৰীসকলক প্ৰতীকীভাৱে কৃমিনাশক বড়ি সেৱন কৰাই অভিযানৰ শুভাৰম্ভণি কৰে।

উল্লেখযোগ্য যে, জিলাৰ ছটা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো এই ৰাষ্ট্ৰীয় কৃমিনাশক দিৱসৰ ব্লক পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হয়। স্বাস্থ্য কৰ্মী, ICDS কৰ্মী আৰু বিদ্যালয় কৰ্তৃপক্ষৰ সক্ৰিয় সহযোগত বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত বড়ি বিতৰণৰ লগতে স্বাস্থ্য সজাগতা সভাও অনুষ্ঠিত কৰা হয়। কৃমি ৰোধৰ বাবে কেৱল বড়ি সেৱনেই যথেষ্ট নহয়, লগতে কেইটামান সহজ স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলাটোও অতি জৰুৰী। খাদ্য গ্ৰহণৰ পূৰ্বে আৰু শৌচৰ পাছত চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধোৱা, নখ চুটি ৰখা আৰু আঙুলি মুখত দিয়াৰ অভ্যাস ত্যাগ কৰা, ঘৰৰ বাহিৰলৈ ওলাওঁতে সদায় জোতা বা চেণ্ডেল পিন্ধা, বিশুদ্ধ পানী পান কৰা, শাক-পাচলি আৰু ফল-মূল ভালদৰে ধুই খোৱা,শৌচালয় ব্যৱহাৰ কৰা,মুকলি ঠাইত শৌচ ত্যাগৰ পৰা বিৰত থকাৰ দৰে অভ্যাসে কৃমি সংক্ৰমণ ৰোধ কৰাত যথেষ্ট সহায় কৰে বুলি সজাগতা সভাত আলোচনা কৰা হয়।
সেয়েহে, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে এই অভিযানক সম্পূৰ্ণ সফল কৰি তোলাৰ বাবে শিক্ষক, অংগনৱাড়ী কৰ্মী আৰু সমূহ অভিভাৱকৰ আন্তৰিক সহযোগিতা কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *