...

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজিত সাংবাদিকতা বিষয়ত কৰ্মশালা সফলতাৰে সমাপন

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজিত সাংবাদিকতা বিষয়ত কৰ্মশালা সফলতাৰে সমাপন

গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তিনি গৰাকী বিশিষ্ট সমল ব্যক্তিৰ অংশগ্ৰহণ

চাইন অন ডেস্ক,১০আগষ্ট:

ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি, ডঃ ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ,কমাৰ্চ এণ্ড ছায়েন্সৰ সহযোগিতাত ডিব্ৰুগড় হনুমানবক্স কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড় প্ৰেছ ক্লাৱে আজি দিনযোৰা কাৰ্যসূচীৰে সাংবাদিকতা বিষয়ত এনে কৰ্মশালা অনুষ্ঠিত কৰে। আনুষ্ঠানিক ভাৱে পুৱা ভাগতে কৰ্মশালাখনি উদ্বোধন কৰে ডঃ ৰাধাকৃষ্ণণ স্কুল অৱ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্সৰ অধ্যক্ষ বিকাশ গগৈয়ে। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মানস জ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উদ্বোধক অধ্যক্ষ গগৈয়ে উঠি অহা নতুন প্ৰজন্মক সাংবাদিকতাৰ ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হ’ব পৰা এনে উদ্যোগ হাতত লোৱাৰ বাবে ডিব্ৰুগড় প্ৰেছ ক্লাবক প্ৰশংসা কৰি চমু বক্তব্য আগবঢ়ায়। প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত সভাপতি মানস জ্যোতি দত্তই আদৰণি ভাষণ প্ৰদান কৰে। সভাত হনুমানবস্ক সুৰজমল কানৈ মহাবিদ্যালয়(স্বায়ত্তশাসিত)ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়া আৰু প্ৰেছ ক্লাবৰ দুগৰাকী উপদেষ্টা ক্ৰমে শৰৎ চন্দ্ৰ নেওগ আৰু প্ৰবীৰ চক্ৰৱৰ্তীয়ে ছাত্ৰ-ছাত্ৰীসকলে সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত দুআষাৰ কয়।
কৰ্মশালাৰ প্ৰথম অধিবেশনত স্থানীয় বিশিষ্ট জ্যেষ্ঠ সাংবাদিক দেৱজিৎ কটকীয়ে ” গণতন্ত্ৰৰ অন্যতম স্তম্ভ হিচাপে সাংবাদিকতাঃ জনস্বাৰ্থৰ বাতৰি পৰিৱেশন, জনমত গঠন, জনসাধাৰণক কণ্ঠ প্ৰদান আৰু গণতান্ত্ৰিক মূল্যবোধৰ সুৰক্ষা” বিষয়ত সমল ব্যক্তি হিচাপে ভাষণ প্ৰদান কৰে।কৰ্মশালাৰ দ্বিতীয় অধিবেশনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া ত্ৰিদীপ হাজৰিকাই। তেখেতে প্ৰদান কৰা ভাষণৰ বিষয় হ’ল -” পৰম্পৰাগত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ বাহিৰৰ সাংবাদিকতাঃ দ্ৰুত গতিত পৰিবৰ্তিত ডিজিটেল মাধ্যমৰ ক্ষেত্ৰখনত পৰিসৰ আৰু সুযোগৰ অন্বেষণ”।
আজিৰ কৰ্মশালাৰ তৃতীয় আৰু অন্তিম অধিৱেশনৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে গুৱাহাটীৰ পৰা আমন্ত্ৰিত বিশিষ্ট লেখক-চিন্তাবিদ তথা সাংবাদিক সুশান্ত তালুকদাৰে। তেখেতৰ ভাষণৰ বিষয় আছিল -” দেশখনৰ বাবে অসমৰ খবৰ পৰিৱেশনঃ সংঘাত, উগ্ৰপন্থীৰ সমস্যা, মানবতাৰ সংকট আৰু ৰাজনৈতিক বিকাশ প্ৰসংগত ক্ষেত্ৰভিত্তিক সাংবাদিকতা।”উল্লেখযোগ্য যে, দিনযোৰা আজিৰ কৰ্মশালাখনত ডিব্ৰুগড় জিলাৰ কেইবাখনো বিদ্যালয় -মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি কৰ্মশালাখনি কাৰ্যতঃ সাফল্যমণ্ডিত কৰি তুলে। কৰ্মশালাৰ অন্তত অংশগ্ৰহণকাৰী ছাত্ৰী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰে। দিনজোৰা কাৰ্য্যসূচীৰ অন্তত কৰ্মশালাখনি সাফল্যমণ্ডিত কৰাৰ বাবে সংশ্লিষ্ট সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰিপুঞ্জয় দাসে।
কাইলৈ অৰ্থাৎ ১১ আগষ্ট তাৰিখে দিনৰ ১১ বজাত এই একেটা প্ৰেক্ষাগৃহতে আয়োজন কৰা হৈছে পঞ্চদশ বাৰ্ষিক সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠানৰ। উক্ত স্মাৰক বক্তৃতা অনুষ্ঠানত “সাম্প্ৰতিক অসমৰ সাংবাদিকতাঃ আশা আৰু প্ৰত্যাশা” বিষয়ত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক-চিন্তাবিদ তথা সাংবাদিক সুশান্ত তালুকদাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *