...

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অঘটন!

স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত অঘটন!

অৰুণাচলৰ লংডিঙত আলফা(স্বা)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ

চাইন অন ডেস্ক,৭আগষ্ট:

স্বাধীনতা দিৱসলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শ্ৰুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ ৱাক্কাত ৪৪ অসম ৰাইফেলছ আৰু লংডিং আৰক্ষীৰ সন্মুখত নিষিদ্ধ সংগঠন আলফা (স্বাধীন)ৰ চাৰিগৰাকী কেডাৰে আত্মসমৰ্পণ কৰে। অঞ্চলটোত উগ্ৰপন্থী বিৰোধী অভিযানৰ ক্ষেত্ৰত এই ঘটনাই এক ডাঙৰ সফলতা কঢ়িয়াই আনিছে।

আত্মসমৰ্পণ কৰা কেডাৰকেইজনক স্বঘোষিত ল্যান্স কৰ্প’ৰেল অজয় অসম (৩৩), বিপ্লৱ অসম (৩১), মনেই অসম (২৮) আৰু স্বঘোষিত প্ৰাইভেট বলিন অসম (২২) বুলি চিনাক্ত কৰা হৈছে। অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰাৰ লগতে চাৰিওগৰাকী কেডাৰে নিৰাপত্তা বাহিনীৰ ওচৰত চাৰিটা পিস্তল আৰু ১৭ জাই সজীৱ গুলী জমা দিয়ে।
৪৪ অসম ৰাইফেলছৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এই আত্মসমৰ্পণে সংগঠনটোৰ কাম-কাজৰ প্ৰতি কেডাৰসকলৰ ক্ৰমবৰ্ধমান মোহভংগ প্ৰতিফলিত কৰিছে। “এই চাৰিগৰাকী ব্যক্তিয়ে হিংসাৰ পথ ত্যাগ কৰি মূলসূঁতিত যোগ দিয়াৰ বাবে এক সাহসিক সিদ্ধান্ত লৈছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে নিৰাপত্তা বাহিনীৰ নিৰৱচ্ছিন্ন হেঁচা আৰু আমাৰ ৰাইজৰ কাষ চাপিবলৈ কৰা প্ৰচেষ্টাৰ বাবেই এনে ইতিবাচক ফলাফল পোৱা গৈছে। আমি বিপথগামী যুৱক-যুৱতীসকলক সদায় অস্ত্ৰ পৰিহাৰ কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ আহ্বান জনাই আহিছোঁ,” বিষয়াগৰাকীয়ে কয়।
লংডিং আৰক্ষীয়েও এই ঘটনাটক আদৰণি জনাই কয় যে এই আত্মসমৰ্পণে সীমান্তৱৰ্তী জিলাখনত শান্তি সম্প্ৰীতিৰ প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিব।
বিষয়াসকলে উল্লেখ কৰে যে স্বাধীনতা দিৱসৰ ঠিক প্ৰাকমুহূৰ্তত হোৱা এই আত্মসমৰ্পণৰ বিশেষ তাৎপৰ্য আছে, কাৰণ এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলজুৰি নিৰাপত্তা সংস্থাসমূহে চোৰাংচোৱা নিৰীক্ষণ আৰু উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলে। আৰক্ষী বিষয়াসকলে কয় যে চৰকাৰৰ উগ্ৰপন্থী আত্মসমৰ্পণ আৰু পুনৰসংস্থাপন নীতিৰ অধীনত পুনৰসংস্থাপনকে ধৰি পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে চাৰিওগৰাকী কেডাৰক সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হ’ব।
ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে শান্তিৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতো ভাৰত-ম্যাণমাৰ সীমান্তৰ ঘাটিৰ পৰা camp চলাই থকা পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফাৰ আলোচনা-বিৰোধী গোটটোক দুৰ্বল কৰিবলৈ নিৰাপত্তা বাহিনীয়ে চলাই থকা নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ মাজতে এই আত্মসমৰ্পণৰ ঘটনাটো সংঘটিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *