ডিব্ৰুগড়ৰ শ্ৰী গুৰু সিংহ সভা মেনেজমেণ্ট ছ’চাইটিক কৃতজ্ঞতা
ডিব্ৰুগড়ৰ বহুমুখী স্বাস্থ্য কৰ্মী (পুৰুষ)সন্থাৰ
বানপীড়িত ৰাইজক সহায়-সহযোগিতা
চাইন অন ডেস্ক,৭আগষ্ট:
উজনিৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত অঞ্চলসমূহত অসংখ্য লোক দুৰ্ভোগৰ সন্মুখীন হৈছিল। এনে জটিল পৰিস্থিতিত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়, ডিব্ৰুগড়ৰ সহযোগত বহুমুখী স্বাস্থ্য কৰ্মী (পুৰুষ) সন্থা, ডিব্ৰুগড় জিলাই চিকিৎসা সেৱা, স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰিবলৈ সক্ষম হয়।এই মহৎ মানৱীয় কাৰ্যসূচীত শ্ৰী গুৰু সিংহ সভা মেনেজমেণ্ট ছ’চাইটি, ডিব্ৰুগড়ে আগবঢ়োৱা আন্তৰিক সহায়, সহযোগিতা, উদাৰতা আৰু সেৱাৰ মানসিকতাৰ বাবে বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগ তথা বহুমুখী স্বাস্থ্য কৰ্মী(পুৰুষ) সন্থাই।সন্থাৰ সভাপতি

কোৱা হয় যে ডিব্ৰুগড়ৰ শ্ৰী গুৰু সিংহ সভা মেনেজমেণ্ট ছ’চাইটিৰ অপাৰ সহায়-সহযোগিতাৰ বাবেই বানপীড়িত লোকসকলৰ কাষ চাপি তেওঁলোকক প্ৰয়োজনীয় স্বাস্থ্যসেৱা আৰু সহায়-সামগ্ৰী যোগান ধৰিব পৰা হল।তেওঁলোকৰ এই মহান মানৱীয় অৱদানৰ বাবে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়, ডিব্ৰুগড় আৰু বহুমুখী স্বাস্থ্য কৰ্মী (পুৰুষ) সন্থা, ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ভৱিষ্যতেও সমাজ সেৱা আৰু জনকল্যাণমূলক কামত এনেধৰণৰ সহযোগিতা অব্যাহত থাকিব বুলি সন্থাই দৃঢ়ভাৱে আশা প্ৰকাশ কৰে।